জামুগুৰিহাটত চোৰ-ডকাইতৰ অতপালি : লুটি নিলে নগদ ধনসহ আ-অলংকাৰ

সম্প্ৰতি চোৰ আৰু ডকাইতৰ অতপালিয়ে নিদ্ৰা হৰণ কৰিছে গাঁৱবাসীৰ
জামুগুৰিহাটত চোৰ-ডকাইতৰ অতপালি : লুটি নিলে নগদ ধনসহ আ-অলংকাৰ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত ডকাইতি কাণ্ডৰ পিছতে একেখন গাঁৱত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড ৷ জামুগুৰিহাটৰ সৰুভগীয়া গাঁৱত নিশা চোৰে চলালে চাফাই অভিযান।

জানিব পৰা মতে, ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গাঁৱখনৰ প্ৰদীপ শইকীয়াৰ লোকজনৰ ঘৰৰ তলা ভাঙি চোৰে লুটি নিয়ে নগদ ধনসহ সোণৰ আ-অলংকাৰ। তেজপুৰৰ পৰা পুৱা ঘৰলৈ আহি গৃহস্থই নিজৰ ঘৰত চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতচকিত হৈ পৰে আৰু এই সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ লগতে জামুগুৰি আৰক্ষীক অৱগত কৰে।

উল্লেখ্য যে উক্ত চুৰিকাণ্ডৰ এদিন পূৰ্বে জামুগুৰিহাটৰ একেখন সৰুভগীয়া গাঁৱৰে এগৰাকী অকলশৰীয়া মহিলাৰ ঘৰত তিনিজনীয়া ডকাইতৰ দলে প্ৰবেশ কৰি নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লৈ উধাও হৈছিল। সম্প্ৰতি চোৰ আৰু ডকাইতৰ অতপালিয়ে নিদ্ৰা হৰণ কৰিছে গাঁৱবাসীৰ।

জামুগুৰিহাটত চোৰ-ডকাইতৰ অতপালি : লুটি নিলে নগদ ধনসহ আ-অলংকাৰ
শিল্পী অৰুণ দাস চিকিৎসাধীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in