জামুগুৰিহাটত গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

জামুগুৰিহাটত গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ পশ্চিম অঞ্চলৰ গোৱাল , কোৱামৰা,বৰাচুক,ডেকাচুক,পাতলৰচুককে ধৰি কুৰিৰো অধিক গাঁৱত এতিয়া সঘনাই সংঘটিত হৈছে গৰু চুৰি কাণ্ড ৷ এই চুৰি কাণ্ডত অতিষ্ঠ হৈ এতিয়া গাঁৱে গাঁৱে নৈশ পহৰাৰ ব্যৱস্থা কৰিছে ৰাইজে ৷

ৰবিবাৰে নিশা পহৰা দি থকা অৱস্থাতে গোৱাল গাঁৱত এখন বলেৰ পিকআপ ভেনৰ সৈতে মহম্মদ আছাদুল আৰু জহিৰুল ইছলাম নামৰ দুজন অচিনাক্ত যুৱকক গাওঁবাসীয়ে কৰায়ত্ব কৰে ৷ দুপৰ নিশা গাঁৱৰ মাজত পোৱা যুৱক দুজনক গৰু চোৰৰ সন্দেহত ৰাইজে মাৰপিট কৰে ৷

পাচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও ৰাইজ অধিক উত্তেজিত হৈ পৰে ৷ ঘটনাস্থলীত সহস্ৰাধিক ৰাইজ উপস্থিত হৈ আৰক্ষীৰে সৃষ্টি হয় হতাহতি ৷ এই হতাহতিৰ মাজতে দুজনকৈ আৰক্ষীৰ লোক আহত হোৱাৰ লগতে গাওঁখনৰ পুৰুষ মহিলাকে ধৰি একাংশ লোক আৰক্ষীৰ নিৰ্যাতনৰ বলি হয় ৷

আৰক্ষীয়ে গাঁওবাসী ৰাইজৰ বাসগৃহৰ দুৱাৰ খিড়িকী ভঙাৰো অভিযোগ তোলে ৷ উত্তেজিত ৰাইজে আৰক্ষীৰ বলেৰ গাড়ীৰ লগতে আন এখন বলেৰ পিকআপ ভেন ভাঙি ক্ষতিগ্ৰস্ত কৰে ৷এই ঘটনাৰ লগত জড়িত মদন দাস নামৰ এজন ব্যক্তিক সম্পতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও এক চেপা উত্তেজনা গোৱাল গাওঁত বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে ৷

জামুগুৰিহাটত গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
পৰেশ বৰুৱাৰ সৈতে কথা পাতি থাকো, কোনোবা এদিন তেওঁ নিশ্চয় আহিবঃ মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in