পৰেশ বৰুৱাৰ সৈতে কথা পাতি থাকো, কোনোবা এদিন তেওঁ নিশ্চয় আহিবঃ মুখ্যমন্ত্ৰী

আলফা চুক্তি স্বাক্ষৰৰ পাছত পৰেশ বৰুৱা আলোচনাৰ মেজলৈ আহিবনে নাই সেয়া ডাঙৰ প্ৰশ্ন।

author-image
Asomiya Pratidin
New Update
পৰেশ বৰুৱাৰ সৈতে কথা পাতি থাকো, কোনোবা এদিন তেওঁ নিশ্চয় আহিবঃ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ আলফা চুক্তি স্বাক্ষৰৰ পাছত পৰেশ বৰুৱা আলোচনাৰ মেজলৈ আহিবনে নাই সেয়া ডাঙৰ প্ৰশ্ন। ইয়াৰ মাজতে নতুন বছৰৰ আৰাম্ভণিতে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

শৰ্মাই কয় যে, পৰেশ বৰুৱাৰ স্বাধীন অসম প্রেমক লৈ মোৰ সন্দেহ নাই। স্বাধীন অসম লৈ কি হ’ব, যদি স্বাধীন অসমৰ মুখ্যমন্ত্রী এজন অসমীয়া হ’ব নোৱাৰে! পৰেশ বৰুৱাই অসমৰ মানুহৰ সৈতে কথা পাতক।

পৰেশ বৰুৱাই ফোন কৰিলে ফোন ট্রেক কৰিব নালাগে। অসম আৰক্ষীক পৰেশ বৰুৱাৰ ফোন ট্রেক নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। লগতে কয় যে, মই তেওঁৰ লগত কথা পাতি থাকো। তেওঁ কোনোবা এটা দিনত নিশ্চয় আহিব।

আজিয়েই বহুত আশা কৰিব নোৱাৰি। পৰেশ বৰুৱাই ‘স্বাধীন’ শব্দটো বাদ দি সোনকালে ওলাই আহিব নোৱাৰে।

শৰ্মাই লগতে কয় যে, কোনোবাই গ্রেনেড মাৰিলে আৰক্ষীয়ে ব্যৱস্থা ল’ব লাগিব। সেনাৰ অভিযানক বন্ধ কৰিব নোৱাৰি।

Also Read: জাপানত ভূমিকম্পঃ চুনামীৰ সতৰ্কবাণী জাৰি...

ulfa i paresh baruah himanta biswa sama