পাপ্যৰ পৰা বঞ্চিত কৰ্মচাৰী: জামুগুৰিহাটৰ দিকৰাই চাহবাগিচাত কৰ্মবিৰতি পালন...

উইলিয়ামচন মেগৰ গ্ৰুপ কোম্পানীৰ অধিনস্থ চাহ বাগিচাত অনিৰ্দিষ্ট কালিন কৰ্মবিৰতি পালন ৷ জামুগুৰিহাটৰ দিকৰাই চাহবাগিচাৰ কৰ্মচাৰীৰ অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি পালন৷
পাপ্যৰ পৰা বঞ্চিত কৰ্মচাৰী: জামুগুৰিহাটৰ দিকৰাই চাহবাগিচাত কৰ্মবিৰতি পালন...

ডিজিটেল সংবাদ, জামুগুৰিহাট : উইলিয়ামচন মেগৰ গ্ৰুপ কোম্পানীয়ে চাহ বাগিছাত কৰ্মৰত কৰ্মচাৰীসকলক পাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি অহা প্ৰতিবাদত বৃহস্পতি বাৰৰে পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে। জামুগুৰিহাটৰ দিকৰাই চাহ বাগিছাত অসম চাহ কৰ্মচাৰী সংঘৰ দিকৰাই শাখা সংঘৰ নেতৃত্বত দিকৰাই চাহ বাগিছাখনৰ কৰ্মচাৰীসকলে এই কৰ্মবিৰতি পালন কৰিছে।

উল্লেখ্য যে, অসম চাহ কৰ্মচাৰী সংঘৰ দিকৰাই শাখা সংঘই মঙলবাৰে চাহ বাগিছা পৰিচালকক ঘেৰাও কৰি কৰ্মচাৰী সকলৰ পাপ্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছিল আৰু বাগিচা কৰ্তৃপক্ষক দাবী সমূহ পূৰণ কৰিবৰ বাবে ২৪ ঘন্টা সময়সীমা বান্ধি দিছিল। কিন্তু ২৪ ঘন্টা ওকলি যোৱাৰ পিছতো বাগিছাৰ কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ দাবী পূৰণ নকৰাত বৃহস্পতি বাৰৰ পুৱাৰে পৰা বাগিচা কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ৰূপায়ণ কৰিছে ।

Jamuguri Tea Garden Worker
Jamuguri Tea Garden Worker

অসম চাহ কৰ্মচাৰী সংঘৰ দিকৰাই শাখা সংঘৰ অভিযোগ যে, দিকৰাইস্থিত উইলিয়ামচন মেগৰ গ্ৰুপ কোম্পানীৰ বাগিচা সমূহে কৰ্মচাৰীসকলক দীৰ্ঘদিনে পাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে । উইলিয়ামচন মেগৰ গ্ৰুপ কোম্পানীৰ বাগিচাসমূহে কৰ্মচাৰীসকলক বৰ্তমান পৰ্যন্ত ভ্রমন বোনাচ, ২০২২ চনৰ অনাদায় হৈ থকা বাকী ৮% বোনাচ, মাৰ্চ মাহৰ দৰমহা আদি আদায় দিয়া নাই ।

অসম চাহ কৰ্মচাৰী সংঘৰ দিকৰাই শাখা সংঘৰ সাধাৰণ সম্পাদক জ্যোতিৰ্ময় তচাই উইলিয়ামচন মেগৰ গ্ৰুপ কোম্পানীৰ কৰ্মচাৰীসকলক পাপ্যৰ পৰা বঞ্চিত কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনতি পলমে কৰ্মচাৰীসকলৰ পাপ্য মুকলি কৰি দিবলৈ দাবী জনাইছে । অন্যথা আগন্তুক দিনতো কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰি যাবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ৷

পাপ্যৰ পৰা বঞ্চিত কৰ্মচাৰী: জামুগুৰিহাটৰ দিকৰাই চাহবাগিচাত কৰ্মবিৰতি পালন...
কাইলৈ গৰু বিহু : দীঘলতী-মাখিয়তী সংগ্ৰহত ব্যস্ত চহা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in