জামুগুৰিহাটত দিব্যাংগতা মূল্যায়ন শিবিৰ

: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াৰ পাঁচ গাঁও একাডেমীত বৃহস্পতিবাৰে চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক দিব্যাংগ লোকক লৈ দিব্যাংগতা মূল্যায়ন শিৱিৰ অনুষ্ঠিত কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত দিব্যাংগতা মূল্যায়ন শিবিৰ

ডিজিটেল সংবাদ, জামুগুৰিহাট: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াৰ পাঁচ গাঁও একাডেমীত বৃহস্পতিবাৰে চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক দিব্যাংগ লোকক লৈ দিব্যাংগতা মূল্যায়ন শিৱিৰ অনুষ্ঠিত কৰা হয় ৷

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত জীয়াভৰলী কন্যকা বহুমুখী পামৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়।এই দিব্যাংগতা মূল্যাংকন শিৱিৰত অঞ্চলটোৰ সহস্ৰাধিক শিশুৰ পৰা আৰম্ভ কৰি বয়ো বৃদ্ধই অংশগ্ৰহণ কৰে ৷ এই শিৱিৰত দিব্যিাংগতা মূল্যায়ংকন কৰি চৰকাৰী প্ৰমাণ পত্ৰও বিতৰণৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে ৷

আৰু পঢ়ক: চলন্ত ট্ৰাকত খুন্দা, থিতাতে নিহত এজন...