এখন গাঁৱৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক...

বালিপৰা মোলানপুখুৰী গাঁৱৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক

author-image
Asomiya Pratidin
New Update
এখন গাঁৱৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক...

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ বালিপৰা পঞ্চায়ত এলেকাৰ মোলানপুখুৰী গাঁৱৰ এটি পথৰ কদৰ্য ৰূপে জ্বলা-কলা খুৱাইছে ৰাইজক। প্ৰকৃততে পথ নে নদী ধৰিবই নোৱাৰে পথচাৰীসকলে ৷ পথটিৰ এনে দুৰাৱস্থাৰ বাবেই জীয়াতু ভুগিব লগা হৈছে মোলানপুখুৰীবাসী ৰাইজে।

Advertisment

এই পথেদিয়েই ৰাইজে যোগাযোগ কৰিব লগীয়া হোৱাত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও যন্ত্ৰণা ভুগিব লগীয়া হৈছে৷ বিশেষকৈ সংকটজনক অৱস্থাৰ ৰোগীক চিকিৎসালৈ এই পথটিদিয়েই নিব লগীয়া হোৱাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজ।

ৰাইজৰ অভিযোগ পঞ্চায়তৰ প্ৰতিনিধি, সাংসদ তথা বিধায়ক কাৰোৰে গুৰুত্ব নাই পথচোৱাত। যাৰ বাবে ৰাইজে জীয়াতু ভুগিব লগীয়াত পৰিছে। অতি শীঘ্ৰেই পথটি নিৰ্মাণ অথবা মেৰামতি কৰি দিবৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনাইছে বিভাগীয় কৰ্তৃপক্ষক৷

Also Read: ডিব্রু নদীত নাওসহ ডুব গ’ল দুজন লোক

GOVT OF ASSAM