বনভোজ খাই উভতাৰ সময়তে পথ দুৰ্ঘটনা, দ' খাৱৈত পৰিল বাহন

বনভোজ খাই উভতাৰ সময়তে পথ দুৰ্ঘটনা, দ' খাৱৈত পৰিল বাহন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ মংগলবৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বনভোজ খাই উভতি অহাৰ সময়তে সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত ৪জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

অসম-অৰুণাচল সীমান্তৱৰ্তী ছিজুচাৰ বৰদিকৰাই নদীৰ পাৰত বনভোজ খাই ৰঙাপৰা অভিমুখে উভতাৰ পথৰ মংগলবৰীয়াত সংঘটিত হয়এই পথ দুৰ্ঘটনা ৷ AS-12-AB-2707 নম্বৰৰ মাৰুতী বেলেন বাহন‌খন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দ’ খাৱৈত৷

সুৰাসক্ত চালকৰ বাবে এই দুৰ্ঘটনাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ৷ আহত দুগৰাকী পুৰুষ আৰু দুগৰাকী মহিলা বুলি জানিব পৰা গৈছে। আহত আটাইকেইগৰাকীক স্থানীয় উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

বনভোজ খাই উভতাৰ সময়তে পথ দুৰ্ঘটনা, দ' খাৱৈত পৰিল বাহন
জামুগুৰিহাটত গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in