জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ মঙলবাৰে জামুগুৰিহাটৰ মংগলবৰীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষৰ এই পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাতপতিত বাইক খনৰ নম্বৰ AS-12-AF-5218 আৰু স্কুটি খনৰ নম্বৰ AS-12-AF-1299।

দুৰ্ঘটনাৰ ফলত এগৰাকী যুৱতী আৰু দুজন যুৱক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

আহত যুৱক দুজনৰ নাম লোহিত বৰা (২০) আৰু হিমাংশু ভূঞা(২২)৷ দুয়োৰে ঘৰ জামুগুৰিহাটৰ ৰঙাচকুাৱত৷ আহত যুৱতী গৰাকীৰ নাম প্ৰিয়া চাহু(১৮) আৰু ঘৰ ৰঙাপাৰাত বুলি জানিব কৰা গৈছে ৷

সংকটজনক অৱস্থাত তিনিওকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩
জোনালী দাসৰ সোণালী যাত্ৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in