প্ৰতিবাদকাৰীৰ কাষত থিয় হৈ বিদ্যুতৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি বিধায়কৰ

জামুগুৰি বিদ্যুত উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
প্ৰতিবাদকাৰীৰ কাষত থিয় হৈ বিদ্যুতৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি বিধায়কৰ

ডিজিটেল ডেস্কঃ অৱশেষত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা প্ৰতিবাদ স্থলীত উপস্থিত হৈ ৰাইজৰ বিদ্যুতৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ৷ অনিয়মীয়া বিদ্যুত যোগান তথা সঘনাই বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ অঞ্চলটোৰ সহশ্ৰাধিক ৰাইজে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰী সকলে টুপিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ দুই ঘন্টাৰো অধিক সময় ধৰি অৱৰোধ কৰি ৰাখিছিল ৷

Advertisment

ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ দুই মূৰে পাচ সহশ্ৰাধিক সৰু-বৰ যান বাহন আৱদ্ধ হৈ থকাত দূৰনীবতিয়া বাচ যাত্ৰী সকল বিশেষ সমস্যাৰো সন্মুখীন হৈছিল ৷

তাৰ পাছতে বিধায়ক গৰাকীৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবদী ৰাইজে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে৷ বিধায়ক গৰাকীয়ে অতি শীঘ্ৰে জামুগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে আলোচনাত মিলিত হৈ ৰাইজৰ সকলো সমস্যা সমাধানৰ প্ৰচেষ্টা চলাব বুলি কয় ৷

Also Read: নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা

protest