নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা

নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা

ডিজিটেল সংবাদ,নগাঁও : দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলা পুথিভঁৰালত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়। মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানেৰে নৱাগত আদৰণি সভাৰ শুভাৰম্ভ কৰা হয়।

Advertisment

নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা বিশেষ বঁটা বিতৰণী সভাত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা, আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, বিশিষ্ট নিবন্ধকাৰ তথা সমালোচক প্ৰদ্যুম্ন গোস্বামী উপস্থিত থাকে। বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰামানুজনৰ পৰা স্থান লাভ কৰা কলা শাখাৰ ৮ জন আৰু বিজ্ঞান শাখাৰ ১১ জন সৰ্বমুঠ ১৯ জন কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলকো বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইয়াৰ উপৰিও কোনো বিষয়ত ১০০ ৰ ভিতৰত ১০০ নম্বৰ প্ৰাপ্ত ৩৮ গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। UPSC ৰ দৰে ভাৰতৰ অতি কঠিন পৰীক্ষাত পঞ্চম স্থান লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰামানুজনৰ প্ৰাক্তন ছাত্ৰ ময়ূৰ হাজৰিকাৰ পিতৃ মাতৃকো এই সভাতে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।

নিবন্ধকাৰ প্ৰদ্যুম্ন গোস্বামীয়ে ভাষণ প্ৰসংগত ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰাক প্ৰসংশাৰে উপচাই কয় যে দিলীপ বৰাই অসমৰ মানুহৰ মনত উচ্চতৰ মাধ্যমিক শিক্ষাক লৈ থকা ধাৰণাটোৱেই সলনি কৰি এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। দিলীপ বৰাই কেৱলমাত্ৰ শৈক্ষিক দিশতেই নহয় ৰামানুজন প্ৰতিষ্ঠাৰ পিছৰে ব্যৱসায়িক দিশতো বহু নগঞা লোকৰ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে।

অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে নগাঁৱৰ পি জি, ভাৰাঘৰ ইত্যাদিত থাকি শিক্ষা গ্ৰহণ কৰি অহাৰ ফলত বহু লোকৰ উপাৰ্জনৰ পথ মুকলি হৈ পৰিছে। সাহিত্যিক জয়ন্ত মাধৱ বৰাই স্থান প্ৰাপ্ত শিক্ষাৰ্থী সকলক উদ্দেশ্যি কয় যে এই সফলতাই তেওঁলোকৰ জীৱনৰ শেষ সফলতা নহয়, জীৱনৰ শেষ মূহুৰ্তলৈকৈ ৰামানুজনৰ সন্মান লাঘৱ নকৰাকৈ সমাজত কাম কৰি যোৱাজন হে ৰামানুজনৰ প্ৰকৃত সম্পদ। উল্লেখযোগ্য যে সোমবাৰৰ দিনটোও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে জীপাল হৈ থাকিব নগাঁও জিলা পুথিভঁৰালৰ চৌহদ। ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উদযাপনেৰে এই তিনিদিনীয়া কাৰ্যসূচীৰ অন্ত পৰিব।

Also Read: বিজেপিক উৎখাত কৰিবলৈ সাজু কংগ্ৰেছ