/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d58f9e8e-a7bb-4f66-99d6-115148de71c4/Talasi.jpg)
ডিজিটেল সংবাদ, জামগুৰিহাট : জামগুৰিহাটৰ বালিজুৰিত শুকুৰবাৰে বিয়লি ইটাখোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলে যান-বাহনসমূহত তীব্ৰ তালাচী অভিযান অব্যাহত ৰাখে ৷ সঘনাই সৰু-বৰ যান-বাহনত মদ, ভাং, ড্ৰাগছ সৰবৰাহ হৈ থকাৰ বাবে আৰক্ষীৰ এই অভিযান।
অভিযানকালত হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধেও সৰব হৈ পৰে ইটাখোলা আৰক্ষী ৷ উল্লেখ্য যে, একাংশ অসাধু ব্যৱসায়ীয়ে অৰুণাচলৰ পৰা অবৈধ মদ আৰু ড্ৰাগছ বালিজুৰি অঞ্চলৰ মাজৰ পথটোৱেদিয়েই কঢ়িয়াই থকাৰ বিষয়ে ৰাইজৰ অভিযোগ দীৰ্ঘদিনীয়া৷ ইটাখোলা আৰক্ষীৰ এই তালাচী অভিযানৰ শলাগ লৈছে অঞ্চলটোৰ সচেতন মহলে ৷
Also Read: ধেমাজিতো ৪১১ বিহুৱা-বিহুৱতীক ৰাজহুৱা সম্বৰ্ধনা...