/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3464c41f-e1fc-43af-ae7a-febc02454fbc/Ranoj.jpg)
ডিজিটেল সংবাদ, ধেমাজি : বিহুৱা-বিহুৱতীৰ নাচেৰে বিশ্ব অভিলেখ গঢ়াত অংশ লোৱা ধেমাজি জিলাৰ ৪১১ গৰাকী বিহুৱা-বিহুৱতীক শুকুৰবাৰে মাননী আৰু সম্বৰ্ধনাপত্ৰৰে সন্মান জনোৱা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিশ্ব অভিলেখ গঢ়া জিলাখনৰ বিহুৱা-বিহুৱতীক প্ৰমানপত্ৰ আৰু মাননি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8c54978d-d605-4995-8402-37e7c5ef5bb1/6df59b03_dbef_4851_97ef_411221917468.jpg)
সভাৰ আৰম্ভণিতে ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰে৷ ইয়াৰ পিছতেই গুৱাহাটীত অনুষ্ঠিত এই সৰ্ববৃহৎ বিহু নাচৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা ধেমাজি জিলাৰ ৪১১ জন বিহুৱা-বিহুৱতীৰ প্ৰত্যেককে ২৫০০০/- টকাকৈ নিজ নিজ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা শুভাৰম্ভণি কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ৷ বক্তব্যত মুখ্য অতিথি মন্ত্ৰী অতুল বৰাই কয় যে, আমাৰ বিহুৱা-বিহুৱতীসকলে কেৱল অভিলেখেই গঢ়া নাই, তেওঁলোক এখন বৃহৎ সাংস্কৃতিক যুঁজৰ একোগৰাকী সফল যোদ্ধা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/eda28fe8-0142-48d5-b94b-e972f85a7064/842c67dc_622e_42ce_88aa_9622f25cda22.jpg)
লগতে অসমীয়াৰ জন জীৱনৰ হিয়াৰ আমঠু বিহুক বিশ্ব দৰবাৰলৈ নিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তেওঁ সলাগ লয় ৷ ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে দিয়া ভাষণত কয় যে, অসমৰ জাতীয় উৎসৱটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিষয়টো পূৰ্বৰ পৰাই বিভিন্ন মহলত আলোচিত হৈ আহিছিল। কিন্তু ইয়াক সফলভাবে ৰূপায়ন কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰেহে। সভাত লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱেও জিলাখনৰ বিহুৱা বিহুৱতী সকলক উদ্দেশ্যি বক্তব্য ৰাখি সকলোকে শুভেচ্ছা জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7bd1b661-3d9c-4261-a27b-c1fe95a76502/6df59b03_dbef_4851_97ef_411221917468.jpg)
সভাত ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাস বাৰ্ঘ্ৰী, ধেমাজি জিলা অগপৰ সভাপতি লক্ষীধৰ শেনচোৱা, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, ধেমাজি আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিত ফুকন আদি বিশিষ্ট ব্যক্তিসকলৰ লগতে জিলা বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও বিহুৱা আৰু বিহুৱতীসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতেই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মেকবেথ ড্ৰামাৰ অভিনেতা-অভিনেত্ৰীসকলে পথ সুৰক্ষাৰ ওপৰত এখনি চুটি নাট প্ৰদৰ্শন কৰে। আজিৰ দিনত সঘনাই বৃদ্ধি হৈ থকা পথ দুৰ্ঘটনাবোৰৰ বাবেই এই চুটিনাটখন প্ৰদৰ্শন কৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
Also Read: উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাত মৃতপ্ৰায় অৱস্থাত আছিল অসমৰ যুৱক; অৱশেষত ঘৰলৈ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us