গো পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন পংকজ বৰদলৈৰ

গো পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন পংকজ বৰদলৈৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ এগৰাকী সাহসী উদ্যমী যুৱক তথা গো-পালক পংকজ বৰদলৈ। সম্প্ৰতি এই যুৱকগৰাকী এইকাৰণেই চৰ্চালৈ আহিছে যে বিগত বিধানসভাত সদনৰ মজিয়াত বিধায়ক অখিল গগৈ আৰু বিধায়ক নুৰুল হুদাই গৰু খুটি কৃষি প্ৰকল্পক খুৰধাৰ সমালোচনা কৰি কৈছিল যে তাত থকা বিদেশী গাই সমূহে ৫০(পঞ্চাছ) গ্ৰাম, ১০০(এশ) গ্ৰাম গাখীৰ দিয়ে, ইয়াৰ পাছতেই সম্পূৰ্ণ বিষয়টো নস্যাৎ কৰি বিধায়ক পদ্ম হাজৰিকাই দিয়া প্ৰত্যুত্তৰ প্ৰসংগত উদীয়মান যুৱক তথা গো-পালক পংকজ বৰদলৈ ৰ কথা উল্লেখ কৰিছিল।

যুৱকজনে গো পালনেৰে স্বাৱলম্বী হৈ নিজৰ পৰিয়াল ভৰন পোষন দিয়াৰ লগতে আন আন নিবনুৱা যুৱক যুৱতীসকলৰ বাবে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ যুৱকজনে নিজৰ ঘৰৰ চৌহদতে এখন গো-শালা স্হাপন কৰি লৈ কেইবাজনীও উন্নত প্ৰজাতিৰ গাই গৰু পোহ পালন কৰি দৈনিক উৎপাদিত গাখীৰ বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিছে ৷ পুৱা আৰু আবেলি দুইবাৰ দুজনী গাই গৰু খীৰাই প্ৰতি দিনে লাভ কৰে ৫০ লিটাৰ কৈ গাখীৰ ৷

উল্লেখনীয় যে পংকজ বৰদলৈৰ গো-শালাত থকা চাৰিজনী উন্নত মানৰ গাই গৰুৰ ভিতৰত বৰ্তমান দুজনীৰ প্ৰতিজনীয়ে দৈনিক ২৫-২৬ লিটাৰকৈ গাখীৰ দি আছে। এই সন্দৰ্ভত গো পালক পংকজ বৰদলৈয়ে কয় যে এতিয়া চতিয়া সমষ্টিত দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে৷ আগতে গুজৰাটতহে আৰম্ভ হৈছিল এই দুগ্ধ বিপ্লৱ কিন্তু এতিয়া অসমৰ চতিয়া সমষ্টিত একমাত্ৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগতহে আৰম্ভ হ'ল দুগ্ধ বিপ্লৱ ৷ বিধায়কগৰাকীয়ে বিশেষ তৎপৰতাৰে সুদুৰ কৰ্ণালৰ পৰা চাহিয়াল গাই গৰু সমুহ আনিছিল ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ গো শালালৈ৷ বিধায়ক পদ্ম হাজৰিকাই মোক এজনী চাহিয়াল গাই উপহাৰ দিছিল৷ মই গাইজনী ভালদৰে প্ৰতিপাল কৰিছিলো আৰু এটা পোৱালী পাইছিলো ৷ গাইজনীয়ে প্ৰথমতে ২২লিটাৰ গাখীৰ দিছিলে ৷ তাৰ পিছৰ বাৰত পুনৰ সেইজনী চাহিয়াল গাইৰ পৰাই ২৬ লিটাৰকৈ গাখীৰ পাবলৈ সক্ষম হৈছো৷ এই গৰুৱে ৩০লিটাৰৰো অধিক গাখীৰ দিয়াতো নিশ্চিত ৷ এনেদৰেই দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে আৰু অনাগত দিনত চতিয়া সমষ্টিত ইয়াতকৈ দুগ্ধ বিপ্লৱ বৃদ্ধি পাব বুলি পংকজ বৰদলৈয়ে মন্তব্য কৰে৷

মই তেওঁলোকক ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাইছো যে তেঁওলোক ইয়ালৈ আহক, চতিয়া সমষ্টিৰ কন্যকা বহুমূখী পামলৈ আহক৷ প্ৰয়োজন হ'লে দুইজন মোৰ ঘৰলৈকো আহক ৷ মোৰ ঘৰত তেওঁলোকৰ সন্মুখতে এই চাহিয়াল গাই খীৰাই দেখুৱাম আৰু মই নিজে চাহ বনাই তেঁওলোকক খুৱাম ৷ মই তেঁওলোকক আদৰনি জনাইছো- সদনৰ মজিয়াত দুগৰাকী বিধায়কে কৰা অভিযোগ সন্দৰ্ভত গো পালক পংকজ বৰদলৈয়ে এই দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

গো পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন পংকজ বৰদলৈৰ
ওদালগুৰিত অমৃত ভাৰত ৰে'ল ষ্টেচনৰ শিলান্যাস মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in