ওদালগুৰিত অমৃত ভাৰত ৰে'ল ষ্টেচনৰ শিলান্যাস মোডীৰ

ওদালগুৰিত অমৃত ভাৰত ৰে'ল ষ্টেচনৰ শিলান্যাস মোডীৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ সমগ্ৰ ভাৰতবৰ্ষত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৫৫৪ টা ৰেল ষ্টেচনৰ লগতে ওদালগুৰি জিলাৰ তিনিটা ৰে'ল ষ্টেচন ক্ৰমে ওদালগুৰি, টংলা আৰু মাজবাট ৰেল ষ্টেচন উন্নীত হ'ব অমৃত ভাৰত ৰে'ল ষ্টেচনলৈ। উক্ত ৰে'ল ষ্টেচনসমূহৰ শিলান্যাস স্থাপন উপলক্ষে সোমবাৰে সমগ্ৰ দেশবাসীক ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে সম্বোধন দৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

দিনৰ প্ৰায় ১২:৪৭ বজাত প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ ৰেলখণ্ডত ৪১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে প্ৰায় দুই হাজাৰতকৈ অধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ওদালগুৰি জিলাৰ তিনিওটা ৰেল ষ্টেচনত বিভাগটোৰ দ্বাৰা শিলান্যাসৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

ওদালগুৰি সদৰস্থিত ৰেল ষ্টেচনৰ শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‌ইকীয়াই চৰকাৰখনৰ বিভিন্ন দিশৰ উন্নয়ণৰ বিষয়সমূহৰ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ আজিৰ দিনটোত তেওঁৰ অধীনস্থ লোকসভা সমষ্টিত ৰেলখণ্ডৰ উন্নয়ণৰ বাবে এশ কোটিতকৈ অধিক টকাৰ প্ৰকল্প লাভ কৰা বুলি উল্লেখ কৰে। লগতে আগন্তুক মোডীৰ পাঁচ বছৰ কাৰ্যকালত দৰং জিলাখন ৰেলৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰাৰ আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে ওদালগুৰি জিলাৰ তিনিটা ষ্টেচন ক্ৰমে ওদালগুৰি, টংলা আৰু মাজবাট ৰেল ষ্টেচনৰ অনুনিকীকৰণৰ বাবে ইতিমধ্যে মুঠ ৪০.৪৯ কোটি টকা ধাৰ্য কৰা হৈছে ইয়াৰ ভিতৰত ওদালগুৰি ৰেল ষ্টেচনৰ বাবে ১৪.৩১ কোটি টকা, টংলা ৰেল ষ্টেচনৰ বাবে ১৪.১৪ কোটি টকা আৰু মাজবাট ৰেল ষ্টেচনৰ বাবে ধাৰ্য কৰা হৈছে ১২.০৪ কোটি টকা। আটাইকেইটা ৰেল ষ্টেচনৰ উন্নীতকৰণৰ কাম ২০২৪ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in