/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
অগ্ৰণী খবৰ
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টৌভঙা মিছিং গাঁৱত অঘটন। সোমবাৰে গাঁওখনৰ যাদৱ নৰহ (৪৫) নামৰ এজন লোকে বিয়লি নিজ ঘৰত বিদ্যুৎ সংযোগৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎপৃষ্ট হৈ গুৰুতৰভাবে আহত হয় ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ লোকজনক স্থানীয় উত্তৰ জামুগুৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে সংকটজনক অৱস্থাত যাদৱ নৰহক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ৷
পিছে তেজপুৰ মিচন হাস্পতাল গৈ পোৱাত চিকিৎসকে পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে নৰহক ৷ এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। উল্লেখ্য যে, তেজপুৰ আৰক্ষীয়ে যাদৱ নৰহৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ অতি দৰিদ্ৰ পৰিয়ালটিৰ উপাৰ্জনৰ একমাত্ৰ ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীসহ দুই কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় ৷ সৰবৰহী ব্যক্তিগৰাকীয়ে এনেদৰে অকাল মৃত্যুক সাৱতি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷
Also Read: দুৰ্ঘটনাত পতিত অবৈধ সুৰা কঢ়িওৱা বাহন