নিমখৰ বাদে একো নিকিনা অসমীয়াৰ আজি ফ্ৰী চাউলেৰে পেট ভৰে!

নিমখৰ বাদে একো নিকিনা অসমীয়াৰ আজি ফ্ৰী চাউলেৰে পেট ভৰে!

ডিম্পুল বৰগোহাঁই

চন ১৯৫৪চনৰ ২জানুৱাৰী। এই দিনটোতে দেশত প্ৰথমবাৰৰ বাবে ঘোষণা হৈছিল পদ্ম সন্মান। ১৯৫৪চনৰ পৰা ২০২৪ৰ লৈকে প্ৰায় ৭০বছৰৰ সময়চোৱাত প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী কৃষকলৈ আগবঢ়োৱা হৈছিল পদ্ম সন্মান। তেওঁ হৈছে সৰ্বেশ্বৰ বসুমতাৰী। অসমৰ দৰে কৃষি প্ৰধান এখন ৰাজ্যৰ এগৰাকী কৃষকে এনে সন্মান লাভ কৰাটো সকলোৰে বাবে গৌৰৱ কৰিবলগীয়া বিষয়। কিন্তু সমান্তৰালভাৱে মনত হাজাৰটা প্ৰশ্নই দোলা দিয়ে। সচাঁকৈ বাৰু অসম কৃষি প্ৰধান ৰাজ্য হৈ আছেনে? আগৰদৰেই অসমৰ পথাৰত ভিন্নধৰণৰ শস্য উতপাদন হয়নে! এসময়ত নিমখৰ বাহিৰে একোৱেই নিকিনা অসমীয়াৰ পাকঘৰত আজিৰ অৱস্থা কি?

চৰকাৰী হিচাপ মতে, অসমৰ ভৌগোলিক মাটিকালিৰ প্ৰায় ৫৪.১১ শতাংশ অংশ কৃষি ভূমিৰ অন্তৰ্গত আৰু মুঠ জনসংখ্যাৰ প্ৰায় ৭০% লোক কৃষিকৰ্মৰ লগত জড়িত। কেৱল এয়াই নহয়,  কৃষি বিভাগৰ তথ্যত ৰাজ্যত প্ৰায় ২৭লাখ কৃষক আছে বুলি উল্লেখ কৰিলেও বৰ্তমান ৰাজ্যত কৃষকৰ সংখ্যা ১১ লাখৰো অধিক নহ'ব। অথচ এদিন অসমৰ গ্ৰামীণ অৰ্থনীতিয়ে ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ আছিল । মুঠ ঘৰুৱা উৎপাদনৰ ২০ শতাংশই আহিছিল কৃষিখণ্ডৰ পৰা । কিন্তু আজি সেই দিন নাই।

কৃষিপ্ৰধান অসমত এটা সময়ত সকলোৰে ভৰাঁল উপচি যোৱাকৈ ধান উতপাদিত হৈছিল। বহু কৃষকে বছৰৰ জোখাৰে ধান ভৰাঁলত থৈ বাকীখিনি বিক্ৰীও কৰিছিল। কিন্তু এতিয়া আৰু সেই সময় নাই। দিনক দিনে লক্ষ্যণীয়ভাৱলে কমি আহিছে ধান খেতি কৰা পথাৰৰ সংখ্যা। তথ্য অনুসৰি,  ৰাজ্যত ২০১৯ চনত ধানৰ উৎপাদন হৈছিল ৫২.২ লাখ মেট্ৰিক ট'ন । ২০২০ বৰ্ষত ৪৯.৮ লাখ মেট্ৰিক ট'ন হে ধান উৎপাদন হৈছিল।  ফ্ৰী চাউল, বিভিন্ন আচনিৰ ধন আদিৰে কোনোমতে চলি গৈছে বহু অসমীয়া পৰিয়াল ।

অসমৰ কৃষিখণ্ডৰ এই বিপদাপন্ন সময়ক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলে ইতিমধ্যে কেইবালানি প্ৰতিবেদনো প্ৰকাশ কৰিছে। এই প্ৰতিবেদনসমূহত তন্ন-তন্নকৈ অসমৰ পয়ালগা কৃষিখণ্ডৰ কথা উল্লেখ কৰা হৈছে। এফালে চৰকাৰৰ অনীহা তথা কৃষি খণ্ডক লৈ সুদুৰপ্ৰসাৰী চিন্তাৰ অভাৱ আৰু আনফালে ফ্ৰী চাউলৰ আশাত পথাৰত নামিবলৈ মন নকৰা এলেহুৱা অসমীয়াৰ বাবে আগন্তুক ৫-১০ বছৰ পাছত কৃষি নিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি শেষ হৈ যাব ।

জানি আচৰিত হ'ব যে, বৰ্তমান আমাৰ ৰাজ্যৰ প্ৰায় ৭৫শতাংশ লোকে খাই আছে চৰকাৰী ফ্ৰী চাউল। ঘৰত বহি বহিয়েই মাহে ৩০-৩৫কেজি চাউল লাভ কৰা এটা পৰিয়ালে পথাৰলৈ গৈ পৰিশ্ৰম কৰাৰ কোনো যুক্তি নাই বুলিয়েই হয়তো পতিয়ন গৈছে। সেয়েহে অসমৰ ৩কোটি জনতাৰ ভিতৰত এতিয়া  ২কোটি ৩১লাখে লোকেই গ্ৰহণ কৰি আছে চৰকাৰী ফ্ৰী চাউল।

 এই তথ্য আমাৰ নহয়। এই তথ্য বিধানসভাৰ মজিয়াত দাখিল কৰিলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ কিছু প্ৰশ্নৰ উত্তৰত প্ৰকাশ পালে কৃষিপ্ৰধান ৰাজ্য অসমৰ কিমান লোকে চৰকাৰী ফ্ৰী চাউলৰ বাবে মুখ মেলি ৰৈ থাকে!

দেৱব্ৰত শইকীয়াই বিধানসভাৰ মজিয়াত প্ৰশ্ন কৰিছিল যে, অসমৰ বৰ্তমান কিমান সংখ্যক পৰিয়ালে খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰী চাউল পাই আছে। শইকীয়াৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসে উত্তৰ দিছিল এনেদৰে- ফ্ৰেবুৱাৰী ২০২৪ৰ মাহেৰীয়া আৱন্টন অনুসৰি বৰ্তমান অসমত ২কোটি ৩১লাখ ৮৪হাজাৰ ৫৯৯গৰাকী লোকে পাই আছে চৰকাৰী বিনামূলীয়া চাউল। এই ২কোটি ৩১লাখ হিতাধিকাৰীক সামৰি অসমৰ ৬৪লাখ ৩৮হাজাৰ ২২২টা পৰিয়াললৈ খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ বিনামূলীয়া চাউল আৱন্টন দিয়া হৈছে বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

এতিয়া ভাৱক কিমান ভয়াৱহ হৈছে অসমৰ কৃষিখণ্ডৰ সামগ্ৰিক চবিখন। এসময়ত অসমৰ সাৰুৱা কৃষিভূমিত সোণগুটি উতপাদন কৰা অসমীয়াই আজি কেৱল হিতাধিকাৰী হৈয়ে পৰম সন্তুষ্টিৰে জীৱন কটাইছে। চৰকাৰেও কৃষিখণ্ডৰ এই ভয়াৱহ যাত্ৰাত হাত উজান দিছে।

ধান, চাহপাত, মৰাপাত, সৰিয়হ, কুঁহিয়াৰ, আলু, কল বিভিন্ন শাক-পাচলি খেতিৰ বাবে অসম উপযুক্ত ভূমি । কিন্তু সেই কৃষি সামগ্ৰী সমূহ বিক্ৰীৰ বাবে ঠায়ে ঠায়ে সংৰক্ষণ আৰু উপযুক্ত মূল্য লাভেৰে বিপণনৰ ব্যৱস্থা আজিও গঢ়ি নুঠিল। মীন পালনৰ বাবে অসমত প্ৰাকৃতিকভাৱে থকা জলাশয় সমূহেই যথেষ্ট আছিল । ৰাজ্যখনত ৩.১৯ লাখ হেক্টৰ জলাশয় আছে । সেইবোৰ নদী, বিল, পুখুৰী আদি । পশু পালন বিভাগৰ তথ্য অনুসৰি থলুৱা গৰু ছাগলীৰ সংখ্যা ৫.২ শতাংশ কমিছে। এনে ভয়ংকৰ তথ্য দেখিও আজি সকলো নিমাত।

মন্ত্ৰী ৰঞ্জিত দত্তই বিধানসভা দাখিল কৰা তথ্য অনুসৰি, আধাৰ সংযুক্ত নোহোৱাৰ বাবে অসমৰ ১লাখ ৬৩হাজাৰ ৫৩২গৰাকী লোককহে ফ্ৰী চাউল দিবলৈ এতিয়া বাকী আছে। বাকী থকা সকলোকে ফ্ৰী চাউল অচিৰেই প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে অসম চৰকাৰে। গতিকে সকলোখিনি হৈ উঠিছে অসমত মুঠ ২কোটি ৩৩লাখ লোকে ফ্ৰী চাউল লাভ কৰিব। বিগত এটা বছৰত অসম চৰকাৰে ৪২লাখ ৮৫হাজাৰ ৭৫৪গৰাকী লোকক ফ্ৰী চাউলৰ আওতালৈ অনাৰ কথাও গৌৰৱেৰে উল্লেখ কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে।

এফালে চৰকাৰৰ বিনামূলীয়া চাউল পৰম সন্তুষ্টিৰে ২কোটি ৩১লাখ অসমীয়াই খাই আছে যদিও এই চাউলৰ পৰিবহন ব্যয়ৰ নামত প্ৰায় ৪কোটি ৯লাখ ৫০হাজাৰ টকা বাকী আছে ৰাজ্য চৰকাৰৰ। কেৱল এয়াই নহয়, হিতাধিকাৰীক এই চাউল বিতৰণ কৰা সুলভ মূল্যৰ দোকানীসকলকো কমিচনৰ হিচাপে ১২কোটি ৭লাখ ৬৮হাজাৰ ৯৬৮টকা দিবলৈ বাকী আছে।

 কৃষিজীৱি অসমীয়া কৃষিৰ প্ৰতি অনীহা মনোভাৱৰ সমান্তৰালভাৱে কৃষিৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ সুপৰিকল্পিত কাৰ্যপন্থা গ্ৰহণ কৰাতো ব্যৰ্থ হৈছে চৰকাৰ।  অসমৰ কৃষিৰ বাণিজ্যকৰণ, উন্নত আন্ত:গাঠনি, কৃষিকৰ্মৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ, প্ৰকৃত অৰ্থত জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰিবলৈ উৎসাহিত কৰাৰ এক পৰিৱেশ এতিয়া প্ৰয়োজন হৈ পৰিছে । জিলাই জিলাই ২০ প্ৰমাণীকৰণ বিষয়া নিযুক্তি দিয়াৰ কথা কৃষি বিভাগে উল্লেখ কৰে । কিন্তু ২৬ টা পদৰ বিপৰীতে ৰাজ্যত আছে মাত্ৰ ১৪জনহে এনে বিষয়া ।

কেৱল এয়াই নহয়,  ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱণ কৰা বীজ গুণগত মানৰ পৰীক্ষণ নোহোৱাকৈয়ে কৃষকৰ হাতত তুলি দিয়াত সেই বীজৰ গজালিয়ে নেমেলে । এনেকেয়ৈ ভোকো ভাওঁনাৰ ৰূপত কৃষি বিভাগ চলি আছে। কমিছনৰ অংকত সেই বিষয়াসকলে বীজৰ প্ৰমাণীকৰণ দিয়ে বুলিও অভিযোগ আছে। মুঠতে সাতে-পাচেঁ মিলাই সকলো পক্ষই অসমৰ কৃষিখণ্ডখন ধ্বংস কৰাৰ বাবে যেন উঠি-পৰি লাগিছে।

এনেদৰেই এতিয়া অসম চলিছে। কৃষিপ্ৰধান ৰাজ্য বুলি কেৱল এটা টেগ লৈয়ে চলি আছে অসম। সকলো খেতিৰ বাবে উপযুক্ত অসমৰ উৰ্বৰ কৃষিভূমিক ব্যৱহাৰ নকৰি ফ্ৰী চাউল খোৱাৰ মানসিকতা গঢ়ি উঠিছে অসমীয়াৰ। মুষ্টিমেয় একাংশ খেতিয়কৰ বাদে এতিয়া যেন প্ৰায় সকলোৰে হিতাধিকাৰী হোৱাৰ পৰম হেপাঁহ! ইয়াৰ পাছতো বুকু ফুলাই কোনোবাই জানো ক’ব পাৰিব, অসম কৃষিপ্ৰধান ৰাজ্য বুলি...

ক্লিক কৰি পঢ়কঃ- সুলভ মূল্যৰ চাউল কুক্ষীগত কৰা সমবায় এজেন্টৰ গ্ৰাহকক আক্ৰমণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in