চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন কাণ্ড, গ্ৰেপ্তাৰ সাংবাদিক

সংগীতা দত্তৰ গোচৰৰে এইবাৰ সাঙোৰ খাইছে এজন সাংবাদিকৰ নাম। বুধবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে সাংবাদিক অভিজিৎ ব’সক।

author-image
Asomiya Pratidin
New Update
চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন কাণ্ড, গ্ৰেপ্তাৰ সাংবাদিক

ডিজিটেল ডেস্কঃ সংগীতা দত্তৰ গোচৰৰে এইবাৰ সাঙোৰ খাইছে এজন সাংবাদিকৰ নাম। বুধবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে সাংবাদিক অভিজিৎ ব’সক।

Advertisment

সংগীতা দত্তৰ এগৰাকী ব্যক্তিগত সহায়িকাৰ ভাতৃ অভিজিৎ ব’স। অভিযোগ অনুসৰি অভিজিৎ ব’সে ফোনযোগে ৰক্ষণাবেক্ষণ দিছিল জ্যেষ্ঠ ভগ্নীক। ভগ্নীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত গ্রেপ্তাৰ সাংবাদিকজনক। অভিজিৎ ব’সৰ বিৰুদ্ধে সন্নিবিষ্ট কৰা হৈছে ১২০(বি) ধাৰা।

উল্লেখ্য যে, চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন কাণ্ডই জোকাৰি গৈছে ৰাজ্য। ৱালিউল ইছলাম আৰু সংগীতা দত্তক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁলোকৰ ঘৰত বনকৰা মহিলা দুজনীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চিকিৎসক দম্পত্তীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ জয়ন্তী উদযাপন...

Assam police