এজন দৰিদ্ৰ ভাস্কৰ্য্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে অৰ্ধ শতাধিক খুকুৰি

গোৰ্খা লোক সংস্কৃতি উন্নয়ন সমিতিৰ উদ্যোগত অহা ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব গোৰ্খা লোক নৃত্য কৰ্মশালাৰ বিশাল সামৰণি সমাৰোহ
এজন দৰিদ্ৰ ভাস্কৰ্য্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে অৰ্ধ শতাধিক খুকুৰি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ মঙলবৰীয়া খেলপথাৰত মূঢ়াদল গোৰ্খা লোক সংস্কৃতি উন্নয়ন সমিতিৰ উদ্যোগত অহা ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব গোৰ্খা লোক নৃত্য কৰ্মশালাৰ বিশাল সামৰণি সমাৰোহ ।এই কৰ্মশালাৰ সামৰণি সমাৰোহত গোৰ্খা লোক নৃত্য ক্ৰমে মাৰলি নৃত্য, সংগিনী নৃত্য, খুকুৰি নৃত্য আদি প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তা সকলে জনাইছে ।

সেই উদ্দেশ্যে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰীস্থিত পাঁচমুখৰ এটি দৰিদ্ৰ পৰিয়ালৰ ৩০ বছৰীয়া ভাস্কৰ্য্য শিল্পী কুমাৰ প্ৰধানে দিনে নিশাই ব্যস্ত হৈ পৰিছে কেইবা শতাধিক খুকুৰি নিৰ্মাণৰ কামত । অতি দৰিদ্ৰ পৰিয়ালৰ এই যুৱ শিল্পী কুমাৰ প্ৰধানৰ হাতৰ পৰশত কাঠত প্ৰাণ পাই উঠিছে গোৰ্খা সমাজৰ প্ৰতিক স্বৰূপ খুকুৰি ।

গোৰ্খা লোকনৃত্যৰ কৰ্মশালাৰ বিশাল সামৰণি সমাৰোহত “খুকুৰি নৃত্যত ” শিল্পী সকলে হাতে হাতে কাথৰ খুকুৰি লৈ নৃত্য প্ৰদৰ্শন কৰিব দৰিদ্ৰ শিল্পীজনে তৈয়াৰ কৰা কাঠৰ খুকুৰিসমুহ । যুৱ শিল্পী কুমাৰ প্ৰধানৰ এই অভিনৱ প্ৰচেষ্টাক এতিয়া সকলোৱে শলাগ লোৱাৰ লগতে বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোতে বিশেষ চৰ্চা লাভ কৰিছে ।

আৰু পঢ়ক: কাৰোবাৰ বাবে সোণৰ কণী পৰা হাঁহ হ'ল নেকি এন আৰ চি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in