ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল বাসুগাঁও চহৰৰ ধানবজাৰ এলেকা

ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল বাসুগাঁও চহৰৰ ধানবজাৰ এলেকা। আতংকিত অঞ্চলবাসী

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল বাসুগাঁও চহৰৰ ধানবজাৰ এলেকা

ডিজিটেল সংবাদ, চিৰাংঃ সোমবাৰে অগ্নিনিৰ্ব্বাপক বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বাসুগাঁও চহৰৰ ঘনবসতিপূৰ্ণ বজাৰ এলেকা । ঘটনা অনুসৰি দুপৰীয়াৰ ভাগত বাসুগাঁও চহৰৰ দুই নং ওৱাৰ্ড ধানবজাৰৰ বাসিন্দা অসিত ভৌমিকৰ বাসগৃহত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিসংগতিপূৰ্ণ পাইপৰ পৰা জুইৰ সূত্ৰপাত হৈ সমগ্ৰ ৰান্ধনীঘৰত জুই বিয়পি পৰে।

Advertisment

ঘনবসতিপূৰ্ণ এলেকাত এইদৰে অগ্নিকাণ্ডৰ সূচনা হোৱাত এলেকাটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি। স্থানীয় লোকসকলে নিজাববীয়াকৈ অগ্নি নিৰ্বাপিত কৰা চেষ্টা চলাই যদিও ৰন্ধন গেছ চিলিণ্ডাৰত জুই লগাত বিষ্ফোৰণ হোৱাৰ ভয়ত আগবাঢ়ি যাব পৰা নাছিল। অৱশ্যে অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আগতেই একাংশ লোকে বাসুগাঁও চহৰত নতুনকৈ স্থাপন কৰা অগ্নিনিৰ্ব্বাপন বাহিনীৰ আস্থানত ফোন যোগে অৱগত কৰে।

ফোন লাভ কৰাৰ লগে লগে অগ্নিনিৰ্ব্বাপন বাহিনীৰ দুখনকৈ বাহন ঘটনাস্থলীত গৈ উপস্থিত হয় আৰু স্থানীয় একাংশ যুৱকৰ সহযোগত তৎপৰতাৰে পানী মাৰি জুই নিৰ্বাপিত কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ ৭ জুলাই তাৰিখে বাসুগাঁও চহৰত নতুনকৈ অগ্নিনিৰ্ব্বাপন বাহিনীৰ আস্থান উদ্বোধন কৰা হৈছিল আৰু অগ্নিনিৰ্ব্বাপন বাহিনীৰ আস্থান স্থাপন কৰাৰ পিছত এয়া প্ৰথমটো অগ্নিকাণ্ডৰ ঘটনা।

Also Read: চাকৰিৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পশু চিকিৎসালয়ৰ কৰ্মচাৰী

fire