/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9d8dcd2c-1f04-4ca4-8f87-5808125124c1/bhaona.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰ জিলা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰথম কাৰ্যসুচী সোমবাৰে আৰম্ভ হয় ৷ ভাওনা থলী পকামুৰা পথাৰৰ পৰা চাৰি কি:মি: নিলগৰ বৰভগীয়া গাঁৱৰ নাম ঘৰৰ পৰা গুণমালা লৈ বিশাল সংস্কৃতিক শোভাযাত্ৰাৰে গুনমালা ভাগ লৈ আনি মূল মণ্ডপত স্থাপন কৰা হয় ৷
বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ এই শোভাযাত্ৰা আহি পকামূৰা পথাৰত উপস্থিত হোৱাৰ পিচত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে গুনমালা মূল মণ্ডপত প্ৰতিষ্ঠা কৰে ধৰ্মপ্ৰান ৰাইজে ৷
সম্প্ৰতি ভাওনা স্হলী পকামুৰা পথাৰ লোকে লোকাৰন্য হৈ পৰিছে৷কিচু সময়ৰ পিচতে বাৰেচহৰীয়া ভাওনাৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি শোনিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই৷
Also Read: আকৌ ভাইৰেল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ! কেতিয়া বন্ধ হ'ব শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা ?