আকৌ ভাইৰেল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ! কেতিয়া বন্ধ হ'ব শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা ?

আকৌ ভাইৰেল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ! কেতিয়া বন্ধ হ'ব শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা ?

ডিজিটেল ডেস্ক : চৰম বিসংগতিত ভূগিছে অসম মাধ্যমিক শিক্ষা পৰিষদ । ক'ৰ'বাত যদি প্ৰশ্নকাকত ফাদিল আন ক'ৰ'বাত আকৌ নকলৰ পয়োভৰ । মুঠতে চৌদিশে কেৱল শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে একো গৰাকী শিক্ষাৰ্থীক প্ৰয়োজন তুমুল মানসিক প্ৰস্তুতিৰ । সেই চাপ কেৱল শিক্ষাৰ্থী সকলেহে অনুধাৱন কৰিব পাৰে । তাতোকৈ ডাঙৰ কথা ২০২০-২১ বৰ্ষ দুটা ক'ভিডকালীন পৰিৱেশৰ বাবে অনলাইনযোগে শিক্ষাগ্ৰহণত অভ্যস্ত হৈ পৰা শিক্ষাৰ্থীসকলক পুনৰ এবাৰ অফলাইন পাঠ্যক্ৰমৰ সৈতে চিনাকী কৰাই তোলাও আাছিল যথেষ্ট কষ্টকৰ কাম । সেই দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল প্ৰতিগৰাকী শিক্ষকে, আশানুৰূপ সহযোগিতা আগবঢ়াইছিল শিক্ষাৰ্থী তথা অভিভাৱক সকলেও । তেনেস্থলত কেৱল এটা ভুলৰ বাবেই মানসিকভাৱে ভাঙি পৰিব পাৰে শিক্ষাৰ্থী এগৰাকী । কিন্তু সেই কথা শিক্ষা সংসদ আৰু দুষ্টচক্ৰক বুজাই কোনে ?

ইতিমধ্যেই বিগত কেইবাটাও বছৰত পৰীক্ষা আৰু ফলাফলৰ চাপ সহ্য কৰিব নোৱাৰি বহু কেইগৰাকী মানৱ সম্পদে আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহন কৰা বাতৰি সংবাদ মাধ্যমে প্ৰকাশ কৰি আহিছে । তেনেস্থলত এই সকল দুৰ্ভগীয়া শিক্ষাৰ্থী শিক্ষাসংসদৰ বিফলতাৰ একোটা পৰিসংখ্যা হৈয়ে ৰ'ব নে এওঁলোকে কোনো চৰম পন্থা গ্ৰহণ নকৰাৰ বাবেও কোনো পদক্ষেপ গ্ৰহণ কৰিব সেইয়া চিন্তনীয় বিষয় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা শিক্ষাৰ্থী এগৰাকীৰ জীৱনৰ প্ৰথমটো আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি ইতিমধ্যেই সকলোৱে শিক্ষাৰ্থী এগৰাকীক কৈ আহিছে, তেনেস্থলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰি পুনৰ এটা পৰীক্ষাকেই আকৌ আয়োজন কৰা মানে কেৱল আৰ্থিক ব্যয়েই নহয় বৰং প্ৰশ্নকাকত তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি ফলাফল ঘোষণা কৰা লৈকে জড়িত সকলো লোকৰ বাবেই এক অত্যাধিক বোজা । তাৰ পাছতো কোনোবাটো বৰ্ষত যদি উত্তৰ বহী গৰুই খাই, আন কোনোবাটো বৰ্ষত বানপানীয়ে উটুৱাই নিয়ে বহী । তেনে ধৰণৰ নানানটা সমস্যাৰে ভাৰাক্ৰান্ত শিক্ষা ব্যৱস্থা । তাৰ মাজতোি শিক্ষাৰ্থীসকলে মনোবল গোটাই পৰীক্ষা এটিৰ বাবে প্ৰস্তুতি চলাই যায় । সৰ্বশেষত ক'ৰ'বাত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে, ক'ৰ'বাত নকলৰ পয়োভৰৰ বাবে যদি সকলো কষ্ট অথলে যায় সেই দায়িত্ব গ্ৰহণ কৰিবনে শিক্ষা বিভাগে ।

একেই কাণ্ড সংঘটিত হ'ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাতো । গণিতৰ পৰীক্ষা আৰম্ভ হোৱাৰ ১৫ মিনিটৰ ভিতৰতেই মোবাইলে মোবাইলে বিয়পি পৰিল প্ৰশ্নকাকত । দাবী অনুসৰি এই কাণ্ড সংঘটিত হৈছে কাছাৰৰ লক্ষীমপুৰত । এতিয়া সন্দেহৰ আৱৰ্তত সকলো । কিয়নো পৰীক্ষাৰ পূৰ্বৰ নিশা স্থানীয় আৰক্ষী চকীত ৰখা হয় প্ৰশ্ন কাকত সমূহ । আৰক্ষীৰ সহযোগত কেন্দ্ৰসমূহলৈ অনা হয় প্ৰশ্নকাকত । এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত চীল কৰা থাকে প্ৰশ্নকাকত থকা লিফাফা অথবা পেকেটতো । তত্বাৱধায়কৰ সন্মুখত খোলা হয় পেকেট । তাৰ পাছত পৰীক্ষাগৃহত নিয়োজিত শিক্ষক আৰু সৰ্বশেষত শিক্ষাৰ্থীয়ে । তেনেস্থলত কিদৰে ফাদিল হ'বলৈ পালে প্ৰশ্নকাকত । এই কাণ্ডত নিশ্চয়কৈ জড়িত নহয় কোনো শিক্ষাৰ্থী । কিয়নো পৰীক্ষা আৰম্ভ হোৱাৰ এঘন্টালৈ কোনো শিক্ষাৰ্থীয়েই কোঠাৰ পৰা ওলাই অহাৰ অনুমতি নাই, আনহাতে নিব নোৱাৰে মোবাইল ফোন । তেনেস্থলে কি উৎসুকতাত কোনে ফাদিল কৰিলে প্ৰশ্নকাকত !

আনহাতে, শিক্ষাৰ্থীসকলো কোনোগুণেই কম নহয় পৰীক্ষাত বিসংগতি সৃষ্টিত । পুনৰ কাছাৰৰে গণিৰগ্ৰামত এখন বিদ্যালয়ত দেখা গ'ল নকলৰ পয়োভৰ । বস্তাই বস্তাই নকল জব্দ কৰিলে শিক্ষাৰ্থীৰ পৰা । পৰীক্ষাৰ প্ৰথম দিনাও দেৱাল পাৰ হৈ যোগান ধৰা হৈছিল নকল । যাৰ বাবে সেই বিদ্যালয়খনত ৫ জনকৈ নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছিল বিদ্যালয়খনত । তাৰ পাছতেই দেখা গ'ল এই দৃশ্য ।

এতিয়া প্ৰশ্ন হয় এমুঠি দুষ্কাৰ্যকাৰীৰ বাবে অথলে যাব নেকি লক্ষাধিক শিক্ষাৰ্থীৰ বছৰযোৰা কষ্ট ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in