৫ হাজাৰ বন্তিৰ পোহৰেৰে জিলিকি উঠিল জামুগুৰিহাটৰ ভাওনাস্থলী

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ গৌৰৱোজ্বল ২২৬ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ ৰবিবাৰে ধৰ্মধ্বজা উত্তোলন কৰে।

author-image
Asomiya Pratidin
New Update
৫ হাজাৰ বন্তিৰ পোহৰেৰে জিলিকি উঠিল জামুগুৰিহাটৰ ভাওনাস্থলী

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ গৌৰৱোজ্বল ২২৬ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ ৰবিবাৰে ধৰ্মধ্বজা উত্তোলন কৰে।

Advertisment
  User
User

ইয়াৰ পাছতেই সন্ধিয়া ৫ হাজাৰ বন্তি প্ৰজ্বলনৰে জিলিকাই তোলা হয় ৫০ বিঘা মাটিৰে আগুৰা ভাওনাস্থলী পকামুৰা পথাৰ ৷ সন্ধ্যা উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই বন্তি প্ৰজ্বলনৰ কাৰ্যসুচীৰ শুভাৰম্ভ কৰাৰ পাছতেই জামুগুৰিয়া ৰাইজে সমগ্ৰ ভাওনাস্থলী পকামুৰা পথাৰ পোহৰেৰে জিলিকাই তুলি ভাঁওনাৰ প্ৰথম কাৰ্যসুচীৰ শুভাৰম্ভ কৰে৷

  User
User
  User
User

ইয়াৰোপৰি প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ গৃহস্থিয়ে পদুলীয়ে পদুলীয়ে এগচিকৈ বন্তি জ্বলাইও পোহৰাই তোলে প্ৰত্যেকৰে পদুলিমুখ ৷ উল্লেখ্য যে এমাহৰ পিছতেই অৰ্থাৎ মাৰ্চ মাহৰ ৬,৭,৮ আৰু ৯ তাৰিখে ভাৰতৰ একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাঁওনা মহোৎসৱ অনুষ্ঠিত হ’ব ৷

আৰু পঢ়ক: নগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ...

bhaona jamuguri