জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনা, ১জন নিহত, গুৰুতৰভাৱে আহত ২জন

জামুগুৰিহাটৰ কৰটিপাৰত চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা। মাছ কঢ়িয়াই অনা এখন বলে'ৰ পিক আপ গাড়ীত এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত বলে'ৰ পিকআপ বাহনত অহা এজন লোকৰ থিতাতে মৃত্যু হয়। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
asdad

accident

ডিজিটেল সংবাদ, জামুগুৰিহাট: ৰাষ্ট্ৰীয় ঘাইপথত মাছ আৰু মাছ। জামুগুৰিৰ চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত পৰি আছে শ শ মাছ। মাছৰ ওপৰেৰে পাৰ হৈ গৈছে এখনৰ পাছত আন এখন বাহন। পিছে কৰ পৰা আহিল ইমান মাছ?

Advertisment

জামুগুৰিহাটৰ কৰটিপাৰত চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা। মাছ কঢ়িয়াই অনা এখন বলে'ৰ পিক আপ গাড়ীত এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত বলে'ৰ পিকআপ বাহনত অহা এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰভাবে আহত হয়। 

আহত দুজনক উন্নত চিকিৎসালয়ৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়ন কৰে। দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত সিচৰিত হৈ পৰে মাছ। দুৰ্ঘটনাত নিহত আৰু আহতৰ নাম জানিব পৰা হোৱা নাই৷

accident assam accident news accident news jamugurihat police accident latest assam accident latest jamugurihaat police jamugurihaat