/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/efe27d7d-941f-4ed3-83f7-0dfae0a1d393/Padma_Loko_badya.jpg)
ডিজিটেল ডেস্ক : জামুগুৰিহাটৰ টুপিয়া পাঁচ গাঁও ব'হাগী মেলাৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন চলিছে৷ ইয়াৰ লগত সংগতি ৰাখি শণিবাৰে টুপিয়াত লোকবাদ্য যন্ত্ৰ নিৰ্মাণ কৰ্মশালাৰ শুভ উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3af950ba-a351-41e4-92d0-cebeeef971a4/Screenshot__172_.png)
জামুগুৰিহাটৰ বিশিষ্ট লোকবাদ্য শিল্পী নিলমনি শলালে কৰ্মশালাখনিত যুৱক-যুৱতী সকলক লোকবাদ্য নিৰ্মাণৰ কাৰিকৰী কৌশল প্ৰশিক্ষণ প্ৰদান কৰে৷ অহা ৮, ৯ আৰু ১০ মে'ত তিনি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজিত টুপিয়া পাঁচ গাঁও ব'হাগী মেলাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ৮ মে'ৰ পুৱা সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগীতা; ৯ মে'ৰ পুৱা বাৰেবৰণীয়া সংস্কৃতিক শোভাযাত্ৰাৰ পিছতে স্মৃতি গ্ৰন্থ উন্মোচন আৰু ভেশচন প্ৰতিযোগীতা, বিয়লি মূল সভা ও বঁটা বিতৰণি অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cfba6e69-bbb0-49ec-a2dc-3af1590f89dd/Screenshot__171_.png)
আনহাতে ১০ মে'ত আলোচনাচক্ৰ অনুস্থিত হোৱাৰ পিছত জী-জোঁৱাই সন্মিলন ৷ সন্ধিয়া বাৰে বৰণীয়া সাংস্কৃতিক অনুস্থানৰ মূখ্য আকৰ্ষণ কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰগোহাঁইৰ গীতৰ শৰাই অনুষ্ঠিত হ'ব।
Also Read: প্ৰশিক্ষণত নামিল অগ্নিবীৰৰ জোৱান: কি আৰ্হিৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ...