মেট্ৰিক পৰীক্ষাৰ ফলাফলত উজলিল খনামুখ মডেল একাডেমী

মেট্ৰিক পৰীক্ষাৰ ফলাফলত উজলিল খনামুখ মডেল একাডেমী

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল বালিপাৰাৰ “খনামুখ মডেল একাডেমি”। বিদ্যালয়খনে পুৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ উৰ্ত্তীণ হাৰ ৯৭.৫২℅। ৬০গৰাকীৰ মাজৰে ৫৮গৰাকী পৰীক্ষাৰ্থীয়ে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ ইয়াৰে প্ৰথম বিভাগ লাভ কৰে ৫৬গৰাকীয়ে৷ ষ্টাৰ নম্বৰ লাভ কৰে ১৩ গৰাকীয়ে৷ দ্বিতীয় বিভাগ লাভ কৰে ২ গৰাকীয়ে। বিদ্যালয়খনে প্ৰতি বছৰে ভাল ফলাফল প্ৰদৰ্শন কৰাৰ বাবে অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলক ভূয়সী প্ৰশংসা কৰে।

মেট্ৰিক পৰীক্ষাৰ ফলাফলত উজলিল খনামুখ মডেল একাডেমী
কাজিৰঙাত ৪১ তম কেন্দ্ৰীয় বিহু সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in