কাজিৰঙাত ৪১ তম কেন্দ্ৰীয় বিহু সন্মিলন

 কাজিৰঙাত ৪১ তম কেন্দ্ৰীয় বিহু সন্মিলন

ডিজিটেল সংবাদ,কাজিৰঙাঃ তিনিদিনীয়া কাৰ্য্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে ৪১ তম কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলন ৷ পতাকা উত্তোলন,স্মৃতি তৰ্পণেৰে আৰম্ভণি হোৱা কাৰ্য্যসূচীৰ অন্তত উলিওৱা হয় “যাওঁ আমি পোহৰ বিচাৰি” শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা ৷

শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে কাজিৰঙাৰ ৰাজপথ শোভাবৰ্ধন কৰি তোলে ৷ বিভিন্ন শৈক্ষিক প্ৰতিযোগিতাৰ লগতে অসম ভিত্তিক কাজিৰঙা বিহুৱতী,কাজিৰঙা বিহুকুৱঁৰী,নৃত্যশ্ৰী -২০২৪ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানৰ অন্তিম দিনা ৰং ধেমালিৰে ব'হাগৰ এনিশাত গীতৰ শৰাই আগবঢ়াৱ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই ৷

 কাজিৰঙাত ৪১ তম কেন্দ্ৰীয় বিহু সন্মিলন
লোকসভা নিৰ্বাচনঃ অনলাইন লেনদেনত নজৰ ৰাখিব RBI য়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in