নিৱনুৱা যুৱকৰ স্বনিৰ্ভৰশীল হোৱাৰ প্ৰয়াসঃ অত্যাধুনিক বেটাৰী উদ্যোগ স্থাপন

নিৱনুৱা যুৱকৰ স্বনিৰ্ভৰশীল হোৱাৰ প্ৰয়াসঃ অত্যাধুনিক বেটাৰী উদ্যোগ স্থাপন

author-image
Asomiya Pratidin
New Update
নিৱনুৱা যুৱকৰ স্বনিৰ্ভৰশীল হোৱাৰ প্ৰয়াসঃ অত্যাধুনিক বেটাৰী উদ্যোগ স্থাপন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ব্যৱসায় কেন্দ্ৰত মঙলবাৰে এক অত্যাধুনিক বেটাৰী তৈয়াৰ আৰু মেৰামতিৰ উদ্যোগৰ শুভাৰম্ভ হয়৷ অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক ৰিতম দাস আৰু দিপুল দাসে সুদূৰ পুনেৰ পৰা ক্ৰয় কৰি আনি জামুগুৰিহাটৰ মূল ব্যৱসায় কেন্দ্ৰত স্থাপন কৰা অত্যাধুনিক মেচিনটোৰ জৰিয়তে গ্ৰাহক ৰাইজে এতিয়াৰে পৰা পুৰণি বেটাৰী মেৰামতি কৰি লোৱাৰ উপৰিও প্ৰয়োজন অনুসৰি নতুন বেটাৰী ক্ৰয় কৰিব পাৰিব বুলি জানিবলৈ দিছে উদ্যোগটোৰ স্বত্বাধিকাৰীয়ে৷

Advertisment

গ্ৰাহক ৰাইজৰ পূৰ্বৰ সমস্যা তেজপুৰ বিশ্বনাথ চাৰিআলি আদি দূৰ-দূৰণিৰ বেটাৰী দোকানসমুহলৈ যোৱাৰ পৰা ৰেহাই পাব বুলি জনাইছে স্বত্বাধিকাৰী ৰিতম আৰু দিপুল দাসে৷ দুজনকৈ নিৱনুৱা যুৱকক সহকাৰী হিচাবে লৈ কৰ্ম সংস্থাপন দি আজি স্থাপন কৰা এই বেটাৰী উদ্যোগটোত ই-ৰিক্সাৰ পুৰণি বেটাৰী, ইনভাৰটাৰৰ বেটাৰী আৰু গাড়ীৰ বেটাৰী সমুহো অত্যাধুনিক মেচিনৰ দ্বাৰা পৰীক্ষা কৰিব পৰা যাব আৰু প্ৰয়োজন অনুসৰি নতুনকৈ তৈয়াৰ কৰি দিব পৰা যাব বুলি স্বত্বাধিকাৰীয়ে জনায়। অতিৰিক্ত তথ্য জানিবলৈ যোগাযোগৰ বাবে ৮৬৩৮৭৭৮৯৩০/৬০০১৩৬২০৫০ নম্বৰ ফোন মুকলি কৰি দিছে স্বত্বাধিকাৰী গৰাকীয়ে৷

Also Read: ৫ লাখ চাকমা আৰু হাজাঙক সংস্থাপিত কৰা হ'ব অসমতঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ

jamugurihaat