জামুগুৰিহাটত আলি আয়ে লৃগাঙৰ সামৰণি

জামুগুৰিহাটত আলি আয়ে লৃগাঙৰ সামৰণি

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত আলি আয়ে লৃগাঙৰ সামৰণি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ খনামুখত মাহযোৰা কাৰ্য্যসুচীৰে কেন্দ্ৰীয়ভাৱে আয়োজিত আলি আয়ে লৃগাং উৎসৱৰ দেওবাৰে সামৰণি পৰে৷ পুৱা বৃক্ষ ৰোপনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ পিছতে “আলি আয়ে লৃগাঙৰ অতীত আৰু সাম্প্ৰতিক প্ৰসংগ” বিষয় সন্দৰ্ভত অনুষ্ঠিত আলোচনা চক্ৰৰ নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰে অসম মিচিং সাহিত্য সভাৰ উপ সভাপতি ভাৰত মিলি আৰু মিচিং আকু কেবাঙৰ কাৰ্য্যবাহী সম্পাদক খৰ্গেশ্বৰ মিলিয়ে৷

Advertisment

ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা সমাজ হিতৈষী বঁটাপ্ৰাপকৰ কমিচন মিলিয়ে৷ অনুষ্ঠানটিত মিচিং জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি তথা ঐনিতম গীত আৰু গোমৰাগ নৃত্যৰ লগতে আদিবাসী ঝুমুৰ নৃত্য ও গোৰ্খা জনগোষ্ঠীয় গীত নৃত্য আদিকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্য্যসূচী ৰূপায়ন কৰা হয়৷

Also Read: কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

ali aai ligang jamugurihaat