নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী গিৰীণ দাসৰ পৰলোকপ্ৰাপ্তি

নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী গিৰীণ দাসৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও চহৰৰ হয়বৰগাঁও নিৱাসী বিশিষ্ট ব্যৱসায়ী গিৰীণ দাসৰ বুধবাৰে পুৱতি নিশা ৩.৩০বজাত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ কিছুদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৭৫ বছৰ ।

তেওঁ অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তাৰোপৰি এসময়ত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। উত্তৰ-পশ্চিম পৰিবহন সন্থাৰ লগত ওতঃপোতভাবে জড়িত দাস হয়বৰগাঁও অঞ্চলৰ বিভিন্ন ধৰ্মীয় -সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও জড়িত আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী,পুত্ৰ,কণ্যা সহ বহু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

বিশিষ্ট ব্যৱসায়ী দাসৰ বিয়োগত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে বিভিন্ন দল -সংগঠন,অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী গিৰীণ দাসৰ পৰলোকপ্ৰাপ্তি
APSCৰ পৰীক্ষাত সাফল্য মাজবাটৰ অনুপম দাসৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in