কলিয়াবৰত জল জীৱন মিছন আঁচনিৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

কলিয়াবৰত জল জীৱন মিছন আঁচনিৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত জল জীৱন মিছন আঁচনিৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

ডিজিটেল সংবাদ,কলিয়াবৰ: এটুপি বিশুদ্ধ পানীৰ যোগান ধৰাটো এখন দেশৰ সুস্থ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ হোৱা সত্বেও পূৰ্বতে এই বিষয়টোক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হোৱা নাছিল৷ কিন্তু ২০১৯ চনত দেশৰ ৭৩সংখ্যক স্বাধীনতা দিৱস উদযাপনত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল যে, অনাগত সময়ত ভাৰতত জল জীৱন মিছন (JJM)ক পূৰ্ণোদ্যমে আগুৱাই নিয়া হ’ব৷

Advertisment

জল জীৱন মিছনৰ সফল ৰূপায়ণেৰে ২০২৪ চনৰ ভিতৰত দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়ালক দৈনিক ৫৫ লিটাৰ বিশুদ্ধ খোৱা পানী ঘৰে ঘৰে নল সংযোগৰ জৰিয়তে যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে কলিয়াবৰৰ গাখীৰ খাইটিত স্থাপন কৰা পানী যোগান আঁচনি খনৰ জড়িয়তে ‘হৰ ঘৰ জলৰ লক্ষ্যৰে বান বিধ্বস্ত গঞা জনসাধাৰণৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে ৷

আৰ্থিকভাৱে পিছপৰা সমাজৰ একেবাৰে অন্তিমগৰাকী ব্যক্তিৰ উপৰিও পূৰ্বতে পানীৰ যোগান নোপোৱা সকলোকে JJM-ৰ অধীনত সামৰি লোৱা হৈছে। চৰকাৰৰ এই অভিলাষী আঁচনিৰ সফল ৰূপায়ণে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া বিশুদ্ধ খোৱা পানীৰ অভাৱ দূৰ কৰাত গাঁওবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে৷ l

মঙ্গলবাৰে গাখীৰ খাইটিৰ পানী যোগান আঁচনি খন উদ্বোধন কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়-বান বিধ্বস্ত বৃহত্তৰ অঞ্চলৰ ৰাইজক এই আঁচনিখনে যথেষ্ট ঊপকৃত কৰিব৷ ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে ৪৫০ টা ঘৰ উপকৃত হোৱাকৈ লক্ষনাবন্ধা,বৰভগীয়া আৰু কাৱৈমাৰীৰ পানীযোগান আঁচনি কেইখন উদ্বোধন কৰি ৰাইজৰ নামত উৎৰ্সগা ।

আনহাতে অবিৰত পানী যোগান সেউজীয়া শস্যভূমিৰ উৰ্বৰা শক্তি শ্ল’গানৰে আজি জলসিঞ্চন বিভাগৰ কলিয়াবৰ-চামগুৰি সংমণ্ডলত সৌৰচালিত মধ্যম গভীৰ নলীনাদ আঁচনিৰ অধীনত নিৰ্মাণ কৰা ৭ টা পানী যোগান প্ৰকল্প ধনেখোৱাৰ পৰাই কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । এই প্ৰকল্পসমূহৰ জৰিয়তে ধনেখোৱা, শাকমুঠি, ঔগুৰি, ১ নং পানীগাওঁ, ২ নং পানীগাঁও, বৰুৱাআটী আৰু ৰহধলা অঞ্চলৰ কৃষিভূমিত পৰ্যাপ্ত পৰিমাণে পানী যোগান ধৰি কৃষকসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

Also Read: জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩