বিদ্যুৎ নাই,পানীও নাই : কাজিৰঙাত এই ব্যৱস্থাৰে চলিছে জলজীৱন মিছন

বিদ্যুৎ নাই,পানীও নাই : কাজিৰঙাত এই ব্যৱস্থাৰে চলিছে জলজীৱন মিছন

ডিজিটেল ডেস্ক, কাজিৰঙা : বিদ্যুৎ নাই,পানীও নাই ৷ এই ব্যৱস্থাৰে চলিছে কাজিৰঙাৰ জল জীৱন মিচন ৷ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰীৰ জল জীৱন আঁচনিৰ নামত বিয়াগোম কেলেংকাৰীৰ অভিযোগৰ মাজতে কাজিৰঙাত উত্থাপন হৈছে আন এটা গুৰুতৰ অভিযোগ।

অভিযোগ মতে কাজিৰঙাৰ পানী যোগান প্ৰকল্প সমুহত নাই জেনেৰেটৰৰ ব্যৱস্থা ৷ যাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হ’লে ব্যাহত হয় পানী যোগান ৷ পূৰ্বৰ অভিযোগ মতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা জলজীৱন মিচনে আজিও সম্পূৰ্ণ কৰিব নোৱাৰিলে ঘৰে ঘৰে পানী যোগান ব্যৱস্থা ৷

কাজিৰঙাৰ অধিক সংখ্যক এলেকাতে কেৱল পাইপ বহোৱাই সীমাবদ্ধ থাকিল মিচনৰ কাম ৷ বৰ্তমানেও খোৱা পানীৰ কৰা বঞ্চিত হৈ থাকিল গঞা ৷ যি সকলৰ পাইপেৰে পানী পোৱাৰ সৌভাগ্য হ’ল সেই সকলৰ পানী যোগান ব্যৱস্থা অনিয়মীয়া ৷ কাৰণ বিদ্যুৎ নহলে মটৰ নচলে ৷ মটৰ চলাবলৈ নাই জেনেৰেটৰ ৷ চৰকাৰী বিভাগটোৰ এনে জোৰাটাপলি মৰা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে যুৱছাত্ৰ পৰিষদ ৷ যুৱ ছাত্ৰ পৰিষদৰ দাবী চৰকাৰে অতি শীঘ্ৰে কাজিৰঙাৰ জনসাধাৰণক বিশুদ্ধ খোৱা পানী নিয়মীয়া যোগানৰ ব্যৱস্থা কৰক ৷

বিদ্যুৎ নাই,পানীও নাই : কাজিৰঙাত এই ব্যৱস্থাৰে চলিছে জলজীৱন মিছন
জনতাক আকৌ মাধমাৰ, ১২ শতাংশ বাঢ়িব ঔষধৰ দাম !

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in