জনতাক আকৌ মাধমাৰ, ১২ শতাংশ বাঢ়িব ঔষধৰ দাম !

জনতাক আকৌ মাধমাৰ, ১২ শতাংশ বাঢ়িব ঔষধৰ দাম !

ডিজিটেল ডেস্ক : এপ্ৰিল মাহৰ প্ৰথমটি দিনৰ পৰা জনতাৰ মূৰত মাধমাৰ শোধাবলৈ পুনৰ সাজু হৈ উঠিছে শাসনাধিষ্ঠ চৰকাৰ । নিজকে কল্যাণকামী ৰাষ্ট্ৰ বুলি দাবী কৰি অহাৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে এইবাৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে । ইতিমধ্যেই মুদ্ৰাস্ফিতীয়ে কোঙা কৰি তোলা মানুহৰ সমস্যা ই দুগুণ কৰি তুলিব ।

চৰকাৰে ইতিমধ্যে ঔষধ কোম্পানীসমূহক বাৰ্ষিক পাইকাৰী মূল্য সূচক অৰ্থাৎ ডব্লিউ পি আইৰ পৰিৱৰ্তনৰ সৈতে সামঞ্জস্য ৰাখি ঔষধৰ দাম বৃদ্ধি কৰাৰ অনুমতি দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্ৰক কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচকত যোৱা বছৰৰ জানুৱাৰীৰ পৰা এই বছৰৰ জানুৱাৰীলৈ  ১২.১২ শতাংশ পৰিৱৰ্তন হোৱা বুলি চৰকাৰে জানিবলৈ দিছে ।

ইয়াৰ ফলত ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণতে ব্যৱহাৰ হোৱা ৩৮৪ বিধ ঔষধৰ দাম ১২ শতাংশ বৃদ্ধি হোৱাটো অৱধাৰিত হৈ পৰিছে । এই ঔষধ সমূহ হৈছে সাধাৰণতে দেখা পোৱা জ্বৰ, মধুমেহ, সংক্ৰমণ, হৃদৰোগ, ৰক্তৰ সমস্যা, যক্ষ্মা, উচ্চ ৰক্তচাপ, ছালৰ ৰোগ, কেন্সাৰ, ৰক্তহীনতা আদি বিভিন্ন ৰোগৰ চিকিত্রসাত ব্যৱহাৰ কৰা হয় । বিগত বৰ্ষৰ এপ্ৰিল মাহতো এই ঔষধ সমূহৰ মূল্য ১০ শতাংশ বৃদ্ধি কৰা হৈছিল ।

জনতাক আকৌ মাধমাৰ, ১২ শতাংশ বাঢ়িব ঔষধৰ দাম !
বৃদ্ধি হ’ল পান কার্ড-আধাৰ কার্ডৰ সংযুক্তিকৰণৰ ম্যাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in