জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবীত উত্তাল হ'ল সভাস্থলী...

জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবীত উত্তাল হ'ল সভাস্থলী...

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ তিনি আলিৰ পৰা নুমলীগড়লৈ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম‌-কাজ চলি থকাৰ মাজতে জখলাবন্ধা চহৰৰ মাজেৰে চাৰিলেন যুক্ত পথটি নিৰ্মাণৰ দাবীত শুকুৰবাৰে বিয়লি কলিয়াবৰৰ পৰা নুমলীগড়লৈ চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ আৰু মতামত গ্ৰহণৰ উদ্দেশ্যে হাটবৰত অনুষ্ঠিত হয় এখন ৰাজহুৱা পৰামৰ্শমূলক সভা ।

অসম চৰকাৰৰ লোকনিৰ্মাণ (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগে পৰামৰ্শদাতা হিচাবে নিয়োগ কৰা প্ৰতিষ্ঠানে দাখিল কৰা এলাইনমেণ্ট প্রতিবেদন সন্দৰ্ভত মুখ্য অভিযন্তা, ৰাষ্ট্ৰীয় ঘাইপথ, অসম আৰু পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ আঞ্চলিক বিষয়াই অংশগ্ৰহণ কৰা সভাখনিত জখলাবন্ধা চহৰৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবীয়ে গুৰুত্ব লাভ কৰে। জখলাবন্ধাবাসী ৰাইজৰ দাবী, প্ৰস্তাৱিত পথচোৱা জখলাবন্ধা মাজেৰেই যাব লাগিব। লিমকা বুক অৱ ৰেকৰ্ডচত স্থান লাভ কৰা জখলাবন্ধা চহৰখনক বাদ দি বিকল্প আন দুটা দিশেৰে পথটো নিবৰ বাবে সংশ্লিষ্ট বিভাগে প্ৰদৰ্শন কৰা আন দুটি প্ৰস্তাৱ ৰাইজে তৎমুহূৰ্ততে প্ৰত্যাখ্যান কৰে ৷

নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সঞ্চালনা কৰা সভাখনত উপস্থিত ৰাইজে জখলাবন্ধাৰ মাজেৰেই চাৰিলেন যুক্ত পথচোৱা নিৰ্মাণৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে। পাছত উপায়ুক্ত আৰু মহকুমাধিপতিৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰিত হয়। সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ ৰাইজে বিচৰামতেই চাৰিলেন যুক্ত পথৰ নিৰ্মাণ কাৰ্য হ’ব বুলি কোৱাত ৰাইজ শান্ত হয়।

ইফালে হঠাৎ শুকুৰবাৰে বিয়লি বন্ধ হৈ পৰে জখলাবন্ধা চহৰ। বিয়লিৰ পৰা হঠাতে বন্ধ হৈ পৰিল চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথৰ দাবীত চহৰখনৰ সমূহ ব্যৱসায়ীয়ে প্ৰতিষ্ঠান বন্ধ কৰি হাটবৰ নাট্যমন্দিৰলৈ ৰাওনা হোৱাৰ বাবেই জখলাবন্ধা চহৰ খন স্বতঃস্ফূৰ্ত ভাবে বন্ধ হৈ পৰে। উল্লেখ্য যে, কেইবাটাও দল, সংগঠনে সভাত উপস্থিত থাকি চাৰিলেন যুক্ত পথ সম্প্ৰসাৰণ জখলাবন্ধা চহৰৰ মাজেদিয়েই হ'ব লাগিব বুলি দাবী জনোৱাৰ লগতে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবীত উত্তাল হ'ল সভাস্থলী...
প্ৰতিবাদত নামিল পঞ্চায়ত কৰ্মী: কাৰ্যালয়ৰ গেট বন্ধ কৰি ধৰ্ণা প্ৰতিনিধিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in