/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/440ff018-ef6b-475b-91cb-dd3fba782663/Panchayat.jpg)
ডিজিটেল সংবাদ, দুমুনিচকী : কমলপুৰ সমষ্টিৰ বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শুকুৰবাৰে গাওঁ পঞ্চায়তৰ প্ৰতিনিধিসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বিহদিয়া জাজিকোনা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ গেট বন্ধ কৰি প্ৰাপ্য পাৰিতোষিকৰ দাবীত পঞ্চায়ত প্ৰতিনিধিসকলে ৰূপায়ন কৰে এই ধৰ্ণা কাৰ্যসূচী।
পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে চৰকাৰৰ পৰা অনুমোদিত হোৱা মাহিলি পাৰিতোষিকৰ ধনসমূহ বিগত ১০ মাহ ধৰি আদায় নিদিয়াৰ অভিযোগ। প্ৰতিনিধিসকলৰ বাবে চৰকাৰে পাৰিতোষিক অনুমোদন দিয়াৰ পিছতো কি কাৰণত ১০ মাহৰ পাৰিতোষিক আদায় দিয়া হোৱা নাই সেই বিষয়েও জানিব বিচাৰে প্ৰতিনিধিসকলে।
ধৰ্ণা কাৰ্যসূচী চলি থকাৰ সময়ত বাইহাটা চাৰিআলি থানাৰ আৰক্ষী, ৰঙিয়া মহকুমাধিপতি অসামৰিকৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত হয়। পিছত সমষ্টিটোৰ বিধায়ক দিগন্ত কলিতা উপস্থিত হৈ পাৰিতোষিকৰ ধন ১৫ দিনৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
Also Read: উৎফুল্লিত বি টি আৰ: দুই সাহিত্যিকে আজুৰিলে সাহিত্য অকাডেমি বঁটা...