কিয় হাৰমণিয়াম ঠেলি জাহ্নু বৰুৱাক ঘৰৰ পৰা খেদি দিছিল ভূপেন হাজৰিকাই...

তেখেতে মোৰ ফালে চাই ক'লে কি ভাল লগা নাই? ভূপেন হাজৰিকাক কৈছা ভাল লগা নাই বুলি? পৃথিৱীত কোনো জন্ম হোৱা নাই ভূপেন হাজৰিকাক ভাল নলগা বুলি ক'বলৈ।
কিয় হাৰমণিয়াম ঠেলি জাহ্নু বৰুৱাক ঘৰৰ পৰা খেদি দিছিল ভূপেন হাজৰিকাই...

ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩।  কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰা এই অনুষ্ঠানত উত্তৰ-পূৱৰ ৰাজনীতি, অৰ্থনীতি, সমাজ,সংস্কৃতিৰ উপৰিও জলবায়ু ,গোলকীয় উষ্ণতা আদিৰ ওপৰতো আলোচনা হ'ব।

প্ৰথম দিনটোৰ তৃতীয়টো আলোচনা চক্ৰত অতিথি হিচাপে উপস্থিত থাকে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত, অভিনেত্ৰী সীমা বিশ্বাস, ছবি পৰিচালক তথা নিৰ্দেশক জাহ্নু বৰুৱা।

এই অনুষ্ঠানটোৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই। তৃতীয়টো আলোচনা চক্ৰৰ আৰাম্ভণীতে শইকীয়াই জাহ্নু বৰুৱাক প্ৰশ্ন কৰে - ভূপেন হাজৰিকাৰ দ্বাৰা আপুনি আপোনাৰ প্ৰথমখন ছবিতেই সংগীত পৰিচালনা কৰাইছিল। কিন্তু ভূপেন দাই হাৰমনিয়াম দলিয়াই আপোনাক ঘৰৰ পৰা ওলাই যাবলৈ দিছিল। ইয়াৰ আঁৰৰ কাহিনী কি?

১৬ খনকৈ ছবি উপহাৰ দিয়া জাহ্নু বৰুৱাই সকলোকে ধন্যবাদ জনাই কয়যে, সেই ঘটনাটো মনত পৰিলে ভাল লাগে, লাজো লাগে। মই প্ৰথম ছবি অপৰূপাৰ বাবে তেখেতক বিচাৰিছিলো। তেখেতক তেতিয়া লগ পোৱা নাছিলো।কিন্তু তেখেৰ গান শুনিয়েই ডাঙৰ হৈছিল। এফটিআইআইত পঢ়াৰ পৰা আশা আছিল যে তেখেতক মোৰ প্ৰথমখন ছবিত আনিম। মই 'অপৰূপা'ৰ বাবে তেখেতক যোগাযোগ কৰিছিলো। স্ক্ৰীপ্ট পোৱাৰ পাছত তেখেতে ফোন কৰি সুধিলে কোনে লিখিছে?

অসমীয়াত কিয় লিখা নাই বুলি প্ৰশ্ন কৰিলে। মই নাজানো বুলি কোৱাত জানিব লাগে বুলি কৈ গীত পৰিচালনা কৰিম বুলিম ক'লে। তেখেতৰ কথামতে মুম্বাইত সকলো ঠিক কৰিলো।

তেখেত আহিল। গীত লিখাৰ পাছত সুৰ দি মোক শুনালে। যথেষ্ঠ ভাল লাগিল। কিন্তু যিটো থীম ছং আছিল সেইটো ছবিখনৰ লগত খাপ কোৱা নাছিল। ভাৱিছিলো, মোৰ প্ৰথম ছবি কিবা ভুল হ'লে বেয়া লাগিব। সেয়ে তেওঁক কৈ দিলো। ক'লো যে সকলো ঠিক আছে কিন্তু থীম গীতটো খাপ খোৱা নাই।

তেখেতে মোৰ ফালে চাই ক'লে কি ভাল লগা নাই? ভূপেন হাজৰিকাক কৈছা ভাল লগা নাই বুলি? পৃথিৱীত কোনো জন্ম হোৱা নাই ভূপেন হাজৰিকাক ভাল নলগা বুলি ক'বলৈ। তুমি কৈছা ভাল লগা নাই। হাৰমণিয়াম ঠেলি মোক ক'লে তোমাৰ সংগীত নকৰো।

মই মাফ খুজিলো কিন্তু তেখেতে যোৱা বুলি ক'লে। মই বহু দূৰ খোজ কাঢ়ি আহি নিজকে দোষাৰোপ কৰিলো। মোৰ প্ৰথম ছবি মই নষ্ট কৰি পেলালো। এতিয়া ক'ত সংগীত পৰিচালক পাম? দিনটো একো নাখালো। কেৱল কান্দিছো। গোটেই দিন তেনেকৈ থাকিলো। ৬ টা বজাত ফোন আহিল।

মাত শুনিয়েই বুজিব পাৰিছিলো ভূপেন হাজৰিকা বুলি। মোক ক'লে -বাপু (বহুত মৰম লগাকে ক'লে)। এতিয়াও খং উঠি আছে নেকি? আহাচোন কিবা এটা কৰি থৈছো শুনাহি। মোৰ বহুত ভাল লাগিছে। লগে লগে তেখেতৰ ওচৰলৈ গলো। 'অপৰূপা অপৰূপা' লিখিছিল তেখেতে। মোক কেনে পাইছা সোধাত মই কৈছিলো অপূৰ্ব।

এই ঘটনা ক'লে মই আবেগিক হৈ যাওঁ। মই ক্ষমা খুজিছিলো তেখেতক। কিন্তু তেখেতে মোক মৰমতে পিঠিত মাৰি কৈছে- সৃষ্টিশীল কামত কেতিয়াও ক্ষমা নুখুজিবা।তোমাৰ মনত যি আহিছে সেয়াই শুদ্ধ। তোমাৰ সৃষ্টি গতিকে খাপ খোৱা নাই বুলি কোৱা বাবে 'অপৰূপা' গীতটো হ'ল।

কিয় হাৰমণিয়াম ঠেলি জাহ্নু বৰুৱাক ঘৰৰ পৰা খেদি দিছিল ভূপেন হাজৰিকাই...
কনক্লেভ-২০২৩ঃ মোডীৰ নেতৃত্বত উত্তৰ-পূৱৰ সৰ্বক্ষেত্ৰত হৈছে বিকাশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in