/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/735e41ac-39c6-4f5b-a427-eb473c7ca361/2c475faa-5084-45e5-a2a2-7a7533b11dad.jpg)
ডিজিটেল ডেস্কঃ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ মৃত্যু হয় ৰে’লৰ খুন্দাত। স্থানীয় লোকে সদৰি কৰা অনুসৰি, পুৱতি নিশা উজনীমুৱা এখন তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহত হৈছে হাতীটো। ৰে’ল লাইন অতিক্ৰম কৰিবলৈ লওতেই জাগীৰোডৰ টেঘেৰীয়াত মৃত্যু হোৱা বন্যহস্তীটো সোণাইকুছি বনাঞ্চলৰ পৰা ওলাই আহিছিল।
উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ চলা এক অধ্যয়ন অনুসৰি ৰে’লৰ খুন্দাত হাতী মৃত্যু হোৱা সৰ্বাধিক ঘটনা সংঘটিত হয় কামপুৰ, হোজাই, ডিফু আৰু মৰিয়নীত। ১৯৯০চনৰ পৰা ২০১৮ৰ লৈকে অসমৰ কেৱল ৰে’ল খুন্দাতে নিহত হৈছে ১১৫টাকৈ হাতী। এই উদ্বেগজনক তথ্য পোহৰলৈ অহাৰ পাছতে কিছু নিৰ্দিষ্ট স্থানত সৰ্তকতা অৱলম্বন কৰিবলৈ ৰে’ল বিভাগক বাৰে বাৰে পৰিৱেশ প্ৰেমীসকলে আহ্বান জনাই আহিছে যদিও আজিকোপতি ৰেলৰ খুন্দাত মৰিয়েই আছে হাতী।
Also Read: ভোটযুদ্ধঃ দেশৰ ৭ৰাজ্যত আজি উপ নিৰ্বাচন...