/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c1333b0f-e858-4b13-a49d-81fa9f50d372/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে জাগীৰোড আৰক্ষীৰ অভিযান চলাই এজন অপৰাধীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্রেপ্তাৰ হোৱা অপৰাধীজনৰ নাম আবু নাছাৰ। আবু নাছাৰৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে বৰ্তমান সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চাইবাৰ অপৰাধৰ লগত জড়িত হৈ পৰিছে যুৱচাম। বিভিন্ন সময়ত এই ক্ষেত্ৰত অভিযোগ উত্থাপন হৈ আহিলেও অপৰাধীসকলে নিজকে চতুৰতাৰে ৰক্ষা কৰিবলৈ সক্ষম হয়। তেনে সময়তে জাগীৰোড আৰক্ষীয়ে চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত আৰক্ষীৰ সফলতা বুলি গণ্য কৰিছে।
Also Read: কলিয়াবৰৰ উদীয়মান সাংস্কৃতিককৰ্মী অৰূপ জ্যোতি শইকীয়াৰ বিয়োগ