কলিয়াবৰৰ উদীয়মান সাংস্কৃতিককৰ্মী অৰূপ জ্যোতি শইকীয়াৰ বিয়োগ

কলিয়াবৰৰ উদীয়মান সাংস্কৃতিককৰ্মী অৰূপ জ্যোতি শইকীয়াৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
কলিয়াবৰৰ উদীয়মান সাংস্কৃতিককৰ্মী অৰূপ জ্যোতি শইকীয়াৰ বিয়োগ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ শাকমুঠি গাঁৱৰ সমাজকৰ্মী, উদীয়মান সাংস্কৃতিককৰ্মী অৰূপ জ্যোতি শইকীয়াৰ শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত হৃদৰোগত আক্ৰান্ত হৈ ৪০ বছৰ বয়সত আকস্মিক ভাৱে বিয়োগ হয়। কলিয়াবৰৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত থকা উদীয়মান যুৱকগৰাকী  অংকীয়া ভাওনাৰ সুদক্ষ ভাৱৰীয়া আছিল।

Advertisment

কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ অন্যতম যুৱানুষ্ঠান সমম্বিত যুৱতীৰ্থ, কলিয়াবৰৰ জন্মলগ্নৰ পৰাই জড়িত থকাৰ লগতে বৰ্তমান উপ-সভাপতি ৰূপে দায়িত্ব পালন কৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ যুৱকসকলক একত্ৰিত কৰি এক সাংস্কৃতিক অনুষ্ঠান গঠনৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰি আহিছিল তেওঁ। দক্ষযজ্ঞ নাটত শিৱ, ৰাম বিজয়ত জনক, নৃসিংহ যাত্ৰাত জয়-বিজয়কে প্ৰমুখ্য কৰি শতাধিক নাটত বিভিন্ন চৰিত্ৰত ভাও দি কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ লগতে অসম তথা ভাৰতৰ বিভিন্ন মঞ্চত সুদক্ষ অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল শইকীয়াই।

অৰূপ জ্যোতি শইকীয়া
অৰূপ জ্যোতি শইকীয়া

শাকমুঠি গাঁৱৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয়, ক্ৰীড়া অনুষ্ঠানতো ওতঃপ্ৰোত ভাৱে জড়িত থাকি কাম কৰা সদা হাস্যমুখী, বিনয়ী, সৰবৰহী যুৱকজনৰ আকস্মিক বিয়োগত অঞ্চলটোৰ ৰাইজ শোক স্তব্ধ হৈ পৰে। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈয়ো সমাজৰ বাবে কাম কৰা উদীয়মান সাংস্কৃতিক কৰ্মীগৰাকীৰ বিয়োগত মন্ত্ৰী কেশৱ মহন্ত, সমন্বিত যুৱতীৰ্থ: কলিয়াবৰৰ উপদেষ্টা মণি মাধৱ মহন্ত, পুষ্কৰ জ্যোতি মহন্তকে প্ৰমুখ্য কৰি সমন্বিত যুৱতীৰ্থ: কলিয়াবৰৰ সকলো বিষয়ববীয়া-সদস্য, কলিয়াবৰ জিলা সত্ৰ মহাসভা, কলিয়াবৰ প্ৰেছ ক্লাব, শাকমুঠি গাঁৱৰ ৰাইজ, যুৱক-যুৱতীকে প্ৰমুখ্য কৰি কলিয়াবৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেখেতে পিতৃ, পত্নী, দুই কণমানি পুত্ৰ, ইষ্ট কুটুম্ব ইহ সংসাৰত এৰি থৈ যায়।

Also Read: PMAY গৃহৰ ধন আত্মসাতৰ অভিযোগঃ গ্ৰেপ্তাৰ বিজেপিৰ পঞ্চায়ত সভাপতি

social activist