শিক্ষক অনিল কলিতালৈ 'জান স্মাৰক' বঁটা

সভাত ৮ গৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

author-image
Asomiya Pratidin
New Update
শিক্ষক অনিল কলিতালৈ 'জান স্মাৰক'  বঁটা

ডিজিটেল সংবাদ,পলাশবাৰী : ৩১ নং দহালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল কলিতালৈ 'জান স্মাৰক বঁটা'। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলজুৰি শিক্ষা-সেৱা আগবঢ়াই জনমানসত এক উজ্জ্বল প্ৰতিচ্ছবিৰে উপকৃত কৰি শিক্ষা-সেৱাৰ লগতে শৈক্ষিক সংগঠনক উৎসাহিত কৰি অহা দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত ৩১ নং দহালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল কলিতাক দেওবাৰে বামুণীগাঁৱত অনুষ্ঠিত জান পাব্লিকে'ছনৰ দ্বাবিংশতি সংখ্যক জান বৰ্ষপুতি অনুষ্ঠানত 'জান স্মাৰক বঁটা' প্ৰদান কৰা হয়।

Advertisment

এই উপলক্ষে আয়োজিত সভাত নিলেন চন্দ্র ৰাভা, কমল কলিতা, হোমেন মেধি, হৰিচৰণ মালী, চামচুল আলোম ভূঞা, বলোৰাম ডেকা, তৰুণ চন্দ্র বৰুৱা, শ্ববীন কুমাৰ আৰু হৰেন দাসক বঁটা প্ৰদান কৰা হয়। উল্লেখ্য, ২০০০ চনৰে পৰা শিক্ষা, সাহিত্য, সংস্কৃতি, কৃষি, কলা আদি বিভিন্ন দিশত পাৰদৰ্শী ব্যক্তিসকলক জান পাব্লিকে'ছনে বঁটা প্ৰদান কৰি আহিছে। সভাত ৮ গৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

Also Read: মঙলদৈত জিলিকণি মইনা পাৰিজাত গঠন

award