মঙলদৈত জিলিকণি মইনা পাৰিজাত গঠন

তামুলীপাৰা বিষ্ণু মন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে ছায়ামণি বৰুৱাই
মঙলদৈত জিলিকণি মইনা পাৰিজাত গঠন

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈ জিলা মইনা পাৰিজাতৰ উদ্যোগত দেওবাৰে মঙলদৈ গাঁও (তামুলীপাৰা)ত এখন শাখা মইনা পাৰিজাত গঠন কৰা হয়। তামুলীপাৰা বিষ্ণু মন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে ছায়ামণি বৰুৱাই।

সভাত সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক গণেশ দত্ত, মঙলদৈ জিলা মইনা পাৰিজাতৰ সভাপতি পংকজ কুমাৰ শৰ্মা, অৱসৰী শিক্ষক বাসৱ চন্দ্ৰ ডেকা, শিল্পী দ্বীজেন মোহন দেৱ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দুলু দেৱী, সমাজকৰ্মী আনন্দৰাম বৰাই মইনা পাৰিজাতৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয় আৰু সৰ্বসন্মতভাৱে মঙলদৈ গাঁও জিলিকণি মইনা পাৰিজাত গঠন কৰা হয়।

সভাত ছায়ামণি বৰুৱাক সভাপতি, ৰঞ্জু দলে তামুলী উপ সভাপতি, হিমাদ্ৰী ডেকাক সম্পাদক, টুটুমণি ডেকা সিঙক সহকাৰী সম্পাদক, জ্বলি বৰুৱা আৰু বিনিতা দেৱীক কোষাধ্যক্ষ, ভনিতা বৰুৱা, অনামিকা বৰুৱা, প্ৰেমলতা বৰাক পৰিচালিকা হিচাপে লৈ এখন সমিতি গঠন কৰা হয়।

মঙলদৈত জিলিকণি মইনা পাৰিজাত গঠন
মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in