/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3b057ef4-a3c8-4ec3-999b-af81bdec9341/8aa6d768_1551_4ea8_b3b0_ffc18f1f1cb9.jpg)
ডিজিটেল সংবাদ, ঘিলামৰাঃ দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত গাজনি-ঢেৰেকনিৰে সৃষ্টি হোৱা নেৰানেপেৰা আৰু মূষলধাৰ বৰষুণৰ ফলত গোগামুখ-ঘিলামৰা সংযোগী ৰাজ্যিক পথৰ ঘিলামৰা পশু স্বাস্থ্য কেন্দ্ৰৰ সমীপত এজোপা প্ৰকাণ্ড গছ বাগৰি পথ যোগাযোগ একপ্ৰকাৰ বন্ধ হৈ পৰিছে।
দুইলেনযুক্ত পথটোৰ বিপৰীত দিশেৰে দুয়ো দিশৰ পৰা অহা-যোৱা কৰা যানবাহন চলাচল কৰি আছে। ইয়াৰ লগতে বিদ্যুতৰ তাঁৰ চিগি পৰাৰ বাবে বিদ্যুত যোগানো ব্যাহত হৈ ঘিলামৰা একপ্ৰকাৰ অন্ধকাৰত ডুব গৈ আছে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। ইফালে এই ধুমুহা বতাহত ঘিলামৰাৰ পাশ্বৱৰ্তী বহুকেইটা অঞ্চলত আংশিক ক্ষয়ক্ষতিৰ খবৰ পোৱা গৈছে।
Also Read: 'কা' বাতিল আৰু সংবিধান-গণতন্ত্ৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ দিৱস পালন