'চন্দ্ৰযান-৩'ত নিধি শৰ্মাৰ অৱদানকলৈ উৎফুল্লিত তিনিচুকীয়াবাসী...

'চন্দ্ৰযান-৩'ত নিধি শৰ্মাৰ অৱদানকলৈ উৎফুল্লিত তিনিচুকীয়াবাসী...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ চন্দ্ৰত ভাৰতবৰ্ষৰ খোপনি। এক বিৰল তথা ঐতিহাসিক সফলতাৰে উদ্ভাসিত হ'ল দেশ। দীৰ্ঘদিনীয়া প্ৰৱল উৎকণ্ঠাৰ ওৰ পেলাই দেশৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে অধীৰ আগ্ৰহৰে বাট চাই থকা চন্দ্ৰযান-৩ৰ ‘লেণ্ডাৰ বিক্ৰমে’ অৱশেষত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰে ৷ চন্দ্ৰৰ পৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ অবিস্মৰণীয় ক্ষণৰ সাক্ষী হ’ল বিশ্ববাসী ৷ এই সফল অৱতৰণত ইছৰোৰ বিজ্ঞানীসকল উৎফুল্লিত হৈ পৰিছে ৷

ইছৰোত কৰ্মৰত দেশৰ ভিন ভিন স্থানৰ বিজ্ঞানীসকলৰ লগতে অসমৰো দুগৰাকী বিজ্ঞানী এই সফল অভিযানৰ অংশ হোৱাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয় হিচাপে চিহ্নিত হৈছে ৷ উল্লেখ্য যে, চন্দ্ৰযান-৩ৰ সফল অৱতৰণত অসমৰ বিজ্ঞানীদ্বয় ক্ৰমে লখিমপৰৰ চয়ন দত্ত আৰু তিনিচুকীয়াৰ নিধি শৰ্মাৰ অৱদান যথেষ্ট ৷ তিনিচুকীয়া চহৰৰ ন-পুখুৰী অঞ্চলৰ শ্যামাপল্লীৰ বাসিন্দা দীপক দেৱৰ কনিষ্ঠ বোৱাৰী নিধি শৰ্মা ৷ চন্দ্ৰযান-৩ অভিযানৰ অংশ হোৱা নিজ বোৱাৰীৰ এই সাফল্যত গৌৰৱবোধ কৰিছে দীপক দেৱে ৷

চয়ন দত্ত
চয়ন দত্ত
নিধি শৰ্মা
নিধি শৰ্মা

তেওঁ কয় যে- নিধি চন্দ্ৰযান-২ অভিযানৰো অংশ আছিল । তেওঁৰ বোৱাৰী ইছৰোত চাকৰি কৰে বুলি জানিছিল যদিও ইমান ডাঙৰ বিজ্ঞানী বুলি জনা নাছিল ৷ কিয়নো নিধিয়ে কি কৰে সেই বিষয়ে আমাক বিস্তৃতভাৱে বিশেষ একো কোৱা নাছিল ৷ স্মৰ্তব্য যে, বিগত ২০১৯ চনত দীপক দেৱৰ পুত্ৰ দিবাকৰৰ লগত বিবাহপাশত আৱদ্ধ হয় নিধি ৷ দিবাকৰ এজন মেকানিকেল ইঞ্জিনিয়াৰ আৰু সম্প্ৰতি বেংগালুৰুত কৰ্মৰত ৷ বিয়াৰ পূৰ্বৰ পৰাই নিধি ইছৰোত বিজ্ঞানী হিচাপে কৰ্মৰত হৈ আছে ৷

নিধিৰ পিতৃ-মাতৃ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি সূত্ৰে বৰাক উপত্যাকাত আছিল ৷ বৰ্তমান তেওঁলোক দিল্লীৰ বাসিন্দা ৷ নিধিয়ে দিল্লীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ‘ইণ্ডিয়ান ইন্সটিটিউট অৱ স্পেছ চায়েন্স এণ্ড টেকন’লজি’ৰ পৰা এৰ’স্পেছ ইঞ্জিনিয়াৰিঙত বি টেক কৰে আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৫ চনত ইছৰোত চাকৰিত যোগদান কৰে ৷

চন্দ্ৰযান-৩ ৰ অভিযানৰ সৈতে জড়িত নিধি শৰ্মা ছয়মহীয়া অন্তঃসত্তা হৈও দিনে-নিশাই কাম কৰা বুলি তেওঁৰ শহুৱে সদৰি কৰিছে ৷ ইফালে চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ লগতে ইয়াৰ অন্তৰালত বিশেষভাৱে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ নাম পোহৰলৈ অহাত চহৰখনত আনন্দৰ লহৰ উঠিছে ৷ ঠায়ে ঠায়ে আতচবাজি ফুটা পৰিলক্ষিত হৈছে।

'চন্দ্ৰযান-৩'ত নিধি শৰ্মাৰ অৱদানকলৈ উৎফুল্লিত তিনিচুকীয়াবাসী...
ইছৰোত চাকৰি পোৱাৰ পাছত মাতৃক গীতা উপহাৰ দিছিল চয়নে, মোবাইলত চালে চন্দ্ৰযান-৩ৰ অৱতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in