অনলাইনযোগে সম্পত্তি কৰ পৰিশোধ কৰিবলৈ আহ্বান, পিছে সমস্যাৰ নপৰে অন্ত

অনলাইনযোগে সম্পত্তি কৰ পৰিশোধ কৰিবলৈ আহ্বান, পিছে সমস্যাৰ নপৰে অন্ত

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ডিজিটেল ভাৰতৰ পৰিকল্পনাৰে আৰম্ভ কৰা কাৰ্যসূচী সমূহৰ ভিতৰতেই আছিল বিভিন্ন ধৰণৰ চৰকাৰী বিল, কৰ আদি অনলাইন যোগে পৰিশোধ কৰাৰ উপায় । যাৰ বাবে এই ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ ইতিমধ্যে ৰাজ্যসমূহত স্থানীয় ভাষাত বিভিন্ন উপায়েৰে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল অনলাইন যোগে পৰিশোধ কৰা শিকাবলৈ ।

অসম চৰকাৰেও সেই কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰিয়েই অসমীয়া ভাষাতে প্ৰকাশ কৰিছিল বিজ্ঞাপন, বিল পৰিশোধ কৰা নিৰ্দেশাৱলী তথা ইয়াৰ সৈতেই সংঘটিত হ'ব পৰা অঘটন যেনে চাইবাৰ অপৰাধ সমূহৰ সতৰ্কতা বাণী । অৰ্থাৎ সকলো দিশৰ পৰা সুপৰিকল্পিত আছিল অসম চৰকাৰৰ ডিজিটেল অসমৰ সপোন ।

কিন্তু এই খিনিতেই হ'ল এক সমস্যা । ৰাজ্য চৰকাৰে ৰাইজক ডিজিটেল যোগৰ সৈতে আগুৱাই যাবলৈ আহ্বান জনালেও সেই একেই ঘটনা সংঘটিত হ'ল নে চৰকাৰী কৰ্মচাৰী সকলৰ ক্ষেত্ৰত ? শক্তিশালী কৰি তোলা হ'ল নে ৱেবচাইট সমূহ ? সজাগ কৰা হ'ল নে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাক ? আজিও অসম শক্তি বিতৰণ শাখাৰ ভুৱা নম্বৰৰ পৰা কোনো দুষ্টচক্ৰই সৰকাই আছে টকা । কিন্তু এই চক্ৰটোক বাধা দিব পাৰিছে নে চৰকাৰে নে কেৱল ৰাইজক সজাগ কৰিয়েই ক্ষান্ত সংশ্লিষ্ট বিষয়া সকল ?

উল্লেখ্য যে, সম্পত্তিৰ কৰ পৰিশোধৰ ক্ষেত্ৰতো অনলাইন সুবিধা আগবঢ়াইছিল চৰকাৰে । কিন্তু সময় সময়ে হোৱা ছাৰ্ভাৰৰ সমস্যাৰ ফলত এতিয়া হাৰাশাস্তি ভুগিব লগীয়া হৈছে গ্ৰাহক সকলে । ক‍াৰোবাৰ যদি কৰ দাখিল কৰোৱাৰ পাছতো বিভাগত পৰিশোধ হোৱা দেখুওৱা নাই, আন কাৰোবাৰ আকৌ ধন পৰিশোধ কৰা নথি পৰ্যন্ত প্ৰকাশ হোৱা নাই ।

মুুঠতে এক ব্যাপক খেলিমেলি সম্পত্তি কৰৰ অনলাইন ব্যৱস্থাত । আনহাতে, এই ক্ষেত্ৰত গ্ৰাহকক সহায়ৰ বাবে আগবঢ়োৱা ফোন নম্বৰ সমূহৰো কেইবাটাও বৰ্তমান বন্ধ, ই-মেইলযোগে দাখিল কৰা গোচৰৰো কেইবা সপ্তাহ ধৰি নাই প্ৰত্যুত্তৰ । তেনেস্থলত গুৱাহাটী মহানগৰীৰ গ্ৰাহক গৰাকী উপস্থিত হ'ব লাগিব উজান বজাৰস্থিত "ৱাৰ ৰুম"ত । ৱাৰ ৰুমতো একেই দৃশ্য ।

কোনোবাই যদি পুনৰ নিকটৱৰ্তী কেন্দ্ৰলৈ সমস্যাটো থেলি দিছে, আন ক'ৰ'বাত আকৌ সমস্যা সম্পৰ্কে অজ্ঞাত বিষয়া-কৰ্মচাৰী সকল । যাৰ ফলত এতিয়া পুনৰ অফলাইন যোগে কৰ পৰিশোধৰ ব্যৱস্থা কৰিব লগীয়া হ'ল চৰকাৰে ।

এতিয়া প্ৰশ্ন হয়, যদি ৱেবছাইটত এই ব্যাপক খেলিমেলিৰ বাবে পুনৰ যাব লগীয়া হয় ৱাৰ ৰুম অথবা নিকটৱৰ্তী কেন্দ্ৰলৈ তেনেহ'লে অনলাইন ব্যৱস্থাৰ সুফল ক'ত থাকিল ? পৰীক্ষা নকৰাকৈ কিয় জনসাধাৰণক হাৰাশাস্তি কৰা হয় বাবে বাৰে বিভিন্ন আচনিৰ নামত ?

অনলাইনযোগে সম্পত্তি কৰ পৰিশোধ কৰিবলৈ আহ্বান, পিছে সমস্যাৰ নপৰে অন্ত
ব্ৰহ্মপুত্ৰত ভক্তৰ প্ৰাতঃস্নান, মহামিলনৰ তীৰ্থভূমিলৈ পৰিণত বৃটিছ বন্দৰ নগৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in