যমজ পুত্ৰ-কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল ঈশা আম্বানী আৰু আনন্দ পিৰামল...

যমজ সন্তানৰ পিতৃ-মাতৃ হ'ল মুকেশ আম্বানীৰ জীয়ৰী ঈশা আম্বানী আৰু তেওঁৰ স্বামী আনন্দ পিৰামল
isha ambani
isha ambani

ডিজিটেল ডেস্ক : যমজ সন্তানৰ পিতৃ-মাতৃ হ'ল মুকেশ আম্বানীৰ জীয়ৰী ঈশা আম্বানী আৰু তেওঁৰ স্বামী আনন্দ পিৰামল। এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম দিয়ে ঈশা আম্বানীয়ে। উল্লেখ্য যে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰি লগতে দুয়োৰে নাম আদিয়া আৰু কৃষ্ণ ৰখা হৈছে বুলিও জানিবলৈ দিয়ে।

ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কন্যা ঈশা আম্বানী আৰু উদ্যোগপতি অজয় পিৰামল আৰু স্বাতী পিৰামলৰ পুত্ৰ আনন্দ পিৰামল দুয়ো ২০১৮ চনৰ ১২ ডিচেম্বৰত মুম্বাইত এক বিশাল অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হৈছিল।

এক প্ৰেছ বিবৃতিযোগে মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে কয় যে ঈশা আৰু আনন্দই যমজ সন্তান জন্ম দিয়াত আনন্দিত হৈছো। ঈশা আৰু কন্যা আদিয়া আৰু পুত্ৰ কৃষ্ণৰ অৱস্থা বৰ্তমান সুস্থ। আদিয়া, কৃষ্ণ, ঈশা আৰু আনন্দৰ জীৱনৰ এই অতি গুৰুত্বপূৰ্ণ ক্ষণত আমি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in