দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ভজনপুৰা অঞ্চলত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
himanta biswa sarma
himanta biswa sarma

ডিজিটেল ডেস্ক : দিল্লীত হ'ব লগা পৌৰ নিগমৰ নিৰ্বাচনৰ ভজনপুৰা অঞ্চলত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি সাংসদ মনোজ তিৱাৰী আৰু বিধায়াক অজয় ম'হৰ সৈতে এই প্ৰচাৰ ৰেলীত ভাগ লোৱাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত ৪ গৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

ব্ৰহ্মপুৰি, ভজনপুৰা, গণ্ডা আৰু যমুনা বিহাৰৰ চাৰিগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। ৪.৩০ বজাৰ পৰা দুঘণ্টা ধৰি চলা ৰেলীত প্ৰাৰ্থী কেইগৰাকীক ভোট দি প্ৰধানমন্ত্ৰী মোডীৰ হাত শক্তিশালী কৰাৰ বাবে আহ্বান জনাই ৰাইজক। এই প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাক উষ্ম আদৰণি জনাই ভজনপুৰা ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in