ডেৰকুৰি অনুবাদকেৰে কাজিৰঙাত ভাষা-সাহিত্য প্ৰচাৰৰ ৫দিনীয়া বিশেষ কৰ্মশালা...

আজিৰে পৰা ডেৰকুৰি অনুবাদকক লগত লৈ কাজিৰঙাত ভাষা-সাহিত্য প্ৰচাৰৰ ৫দিনীয়া বিশেষ কৰ্মশালা

author-image
Asomiya Pratidin
New Update
ডেৰকুৰি অনুবাদকেৰে কাজিৰঙাত ভাষা-সাহিত্য প্ৰচাৰৰ ৫দিনীয়া বিশেষ কৰ্মশালা...

ডিজিটেল ডেস্ক : আজিৰে পৰা কাজিৰঙাত অনুষ্ঠিত হ'ব অভিলাষী অনুবাদ কৰ্মশালা। অসম প্ৰকাশন পৰিষদৰ পৰিকল্পনা অনুসৰি ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালা।

Advertisment

কৰ্মশালাত ভাগ ল'ব ৰাজ্যৰ ডেৰকুৰিৰো অধিক অসমীয়া, বড়ো আৰু বাংলা ভাষাৰ অনুবাদকে। ৫ দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত ইংৰাজী আৰু হিন্দীৰ পৰা অসমীয়া ভাষালৈ, অসমীয়াৰ ভাষাৰ পৰা বড়ো আৰু বাংলা ভাষালৈ অনুবাদৰ জৰিয়তে ভাষা সাহিত্যৰ সম্প্ৰসাৰণৰ উদ্দেশ্য আগত ৰাখি এলানি গ্ৰন্থ অনুবাদ কৰা হ'ব।

য'ত ড০ মুকুন্দমাধৱ শৰ্মাৰ 'হিতোপদেশ', ড০ ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ 'ঈছপৰ সাধু', ড০ প্ৰফুল্ল দত্ত গোস্বামীৰ 'অসম দেশৰ সাধু', প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ 'বুধিয়ক কোন', ড০ বাণীকান্ত কাকতিৰ 'পখিলা', মহিম বৰাৰ 'বত্ৰিশ পুতলাৰ সাধু' অসমীয়াৰ পৰা বড়ো আৰু বাংলা ভাষালৈ অনুবাদ কৰা হ'ব।

উল্লেখ্য যে, বুধবাৰে দুপৰীয়া ২ বজাত সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক, বিশিষ্ট লেখক দিগন্তবিশ্ব শৰ্মাই উদ্বোধন কৰিব লগীয়া এই কৰ্মশালাখনি কাজিৰঙাৰ কঁহৰাস্থিত 'অৰণ্য টুৰিষ্ট ল'জ'ত অনুষ্ঠিত হ'ব।

Also Read: হোজাইত বহিঃৰাজ্যলৈ কিশোৰী সৰবৰাহৰ ঘটনা; আটক বিজেপি নেতা...

অসম প্ৰকাশন পৰিষদ