কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ এন চি চি কেডেটৰ বৃদ্ধাশ্ৰমৰ আবাসীৰ সৈতে অন্তৰঙ্গ আলাপ

কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ এন চি চি কেডেটৰ বৃদ্ধাশ্ৰমৰ আবাসীৰ সৈতে অন্তৰঙ্গ আলাপ

"সমাজৰ প্ৰতি দায়বদ্ধতা আৰু অসহায় বৃদ্ধসকলৰ প্ৰতি কৰ্তব্য পালনৰ শিক্ষা দিয়াটো হে লক্ষ্য আৰু উদ্দেশ্য।"

ডিজিটেল সংবাদ,কামপুৰঃ ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমৰ আবাসীসকলৰ কাষত মঙলবাৰে উপস্থিত হয় কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ এন চি চিৰ কেডেটসকল। শিক্ষক বিদ্যাধৰ লস্কৰে আজি মুঠ ১৬ গৰাকী এন চি চি কেডেট আৰু আন দুগৰাকী শিক্ষক সমৰজ্যোতি বৰা আৰু তাজমিনা ৰহমানক লগত লৈ বৃদ্ধাশ্ৰমৰ আবাসীসকলকৰ লগত অন্তৰঙ্গ আলাপ কৰাৰ লগতে আহাৰ গ্ৰহণ কৰে।

"সমাজৰ প্ৰতি দায়বদ্ধতা আৰু অসহায় বৃদ্ধসকলৰ প্ৰতি কৰ্তব্য পালনৰ শিক্ষা দিয়াটো হে লক্ষ্য আৰু উদ্দেশ্য।" অনুষ্ঠানত এই মন্তব্য প্ৰকাশ কৰে কেডেটসকলৰ নেতৃত্ব বহন কৰা বিদ্যাধৰ লস্কৰে।

ৰাঙলু শাখা সাহিত্য সভাৰ সভাপতি নজিবুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাই এনে গঠনমূলক কাৰ্যৰ বাবে কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ প্ৰমূখ্যে সকলোকে ধন্যবাদ জনায়। ৰাঙলু শাখা সাহিত্য সভাৰ সম্পাদক আবুবক্কৰ ছিদ্দিকেয়ো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ।

আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰে গ্ৰাম বিকাশ পৰিষদৰ মুখ্য পৰিচালক আবুল কালাম আৰু কৰ্মচাৰীসকলে।

কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ এন চি চি কেডেটৰ বৃদ্ধাশ্ৰমৰ আবাসীৰ সৈতে অন্তৰঙ্গ আলাপ
গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ধেমাজি আৰক্ষীৰ অভিযান : গৰু ক্ৰয় কৰিবলৈ অহা ৪ যুৱকক গ্ৰেপ্তাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in