গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ধেমাজি আৰক্ষীৰ অভিযান : গৰু ক্ৰয় কৰিবলৈ অহা ৪ যুৱকক গ্ৰেপ্তাৰ

যুৱক কেইজন ক্ৰমে লখিমপুৰ জিলাৰ জহিৰুল আলি(২৪),নৰ হুছেইন (২২) ,আটিকুল ইছলাম (৩২)আৰু চফিকুল ইছলাম (২৭) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে
গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ধেমাজি আৰক্ষীৰ অভিযান : গৰু ক্ৰয় কৰিবলৈ অহা ৪ যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,ধেমাজি : গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্যজুৰি সক্ৰিয় হৈ আছে অসম আৰক্ষী। এনে সময়তে ধেমাজি আৰক্ষীয়েও জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দ্দেশ মৰ্মে জিলাখনত অভিযান অব্যাহত ৰাখিছে।

জানিব পৰা মতে বিশেষ তথ্যৰ ভিত্তিত ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে মঙ্গলবাৰে নিশা প্ৰায় ১২.৩০ বজাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভৰালীচুকত লখিমপুৰ পৰা ধেমাজি নগৰৰ দিশে আহি থকা অৱস্থাতে এখন ওৱেগনাৰ গাড়ীসহ নগদ ৫ লাখ টকাৰ সৈতে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে ৷ ধেমাজিৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে গৰু চোৰাং ব্যৱসায়ীয়ে একেলগে বৃহৎ সংখ্যক গৰু সৰবৰাহ কৰিলে ধৰা পৰা ভয়ত নতুন কৌশল অৱলম্বন কৰি চোৰাং সৰবৰাহকাৰীয়ে কম কমকৈ গৰু ক্ৰয় কৰি ইঠাইৰ পৰা সিঠাইলৈ নিবলৈ এনে কৌশল অবাহত ৰাখিছে ৷

উক্ত ৪জন ব্যৱসায়ীয়ে ৫ লাখ টকাৰে ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানা অধীনৰ গেলুৱা অঞ্চলৰ পৰা গৰু ক্ৰয় কৰিবলৈ আহিছিল ৷ কিন্তু আৰক্ষীৰ হাতত আহি পৰা তথ্যৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে ধেমাজি নগৰত ব্যৱসায়ীকেইজনে প্ৰৱেশ কৰাৰ লগে লগেই তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে লখিমপুৰ জিলাৰ জহিৰুল আলি(২৪),নৰ হুছেইন (২২) ,আটিকুল ইছলাম (৩২)আৰু চফিকুল ইছলাম (২৭) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ ধৃত যুৱক কেইগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৩৭৯/৪১১/১৩(১) অসম কেটেল পিজাভেশ্বন এক্ট ধাৰাৰ অধীনত ৪৫/২০২৩ নম্বৰ গোচৰ পঞ্জীয়ন কৰি আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ধেমাজি আৰক্ষীৰ অভিযান : গৰু ক্ৰয় কৰিবলৈ অহা ৪ যুৱকক গ্ৰেপ্তাৰ
জখলাবন্ধাত ড্ৰাগছসহ দুই যুৱক আটক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in