/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a5a8e38e-e474-4377-9780-4d22858b9685/tupia_tea.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ সমগ্ৰ দেশৰ লগতে জামুগুৰিহাটতো অনুষ্ঠিত হয় আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। জামুগুৰিহাটৰ টুপীয়া চাহ বাগিছাত সোমবাৰে আদিবাসী ছাত্ৰ সন্থাৰ নদুৱাৰ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক দিৱস তথা মে’ দিৱস উদযাপন কৰা হয়।
অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহন কৰি শ্ৰমিক দিৱসৰ তাৎপৰ্য বাখ্যা কৰে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক জুনাচ এক্কা আৰু নদুৱাৰ আঞ্চলিকৰ সভাপতি অনন্ত কুজুৰে ৷ শ্ৰমিক দিৱসৰ কাৰ্যসূচীত টুপীয়া চাহ বাগিছাৰ কেইবা শতাধিক বনুৱা চাহ শ্ৰমিকে অংশগ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু বাগিছাখনৰ পৰিচালকে অংশগ্ৰহণ কৰে ৷
আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আদিবাসী তথা চাহ শ্ৰমিক ৰাইজে ঝুমুৰ নৃত্যও প্ৰদৰ্শন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/01b0824e-8ed2-4ea9-b57b-fe84e7038112/9bbc3370_7825_4df7_8495_9ee7f367c421.jpg)
Also Read: 'ভাষাৰ ওজা'ৰ মৃত্যু তিথিত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিপত্ৰৰে শ্ৰদ্ধাঞ্জলি...