সন্মিলিত কৃষক শক্তি অসম আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতি গঠন

সন্মিলিত গণশক্তি অসম দলৰ দুই ভাতৃ সংগঠন বুধবাৰে ঢকুৱাখনাত গঠন কৰা হয়
সন্মিলিত কৃষক শক্তি অসম আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতি গঠন

ডিজিটেল সংবাদ, ঢকুৱাখনা : সম অধিকাৰ,সম উন্নয়ন আৰু সম মৰ্যদাক মূলমন্ত্ৰ হিচাবে গ্ৰহণ কৰি ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত আঞ্চলিকতাবাদী চিন্তা চেতনাৰে আগুৱাই যোৱা সন্মিলিত গণশক্তি অসম দলৰ দুই ভাতৃ সংগঠন বুধবাৰে ঢকুৱাখনাত গঠন কৰা হয়। ঢকুৱাখনা ব্লক সমিতিৰ তৎপৰতাত বুধবাৰে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত সন্মিলিত কৃষক শক্তি অসম আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতি দুখন গঠন কৰা হয় ।

ঢকুৱাখনা নগৰৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাংগণত বুধবাৰে দুপৰীয়া এই সন্দৰ্ভত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সভাপতিত্ব কৰে গনশক্তি দলৰ ঢকুৱাখনা ব্লক সভাপতি লক্ষ্য নাথ দলেয়ে । ব্লক সমিতিৰ  সাধাৰণ সম্পাদক মুকুন্দ বৰুৱাই উদ্দেশ্য ব্যাখা কৰা ও আঁত ধৰা সভাত ব্লকৰ অন্তৰ্গত ডেৰ শতাধিক নাগৰিকে অংশগ্ৰহণ কৰে।

সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলে ,যুটীয়া সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং , উপ সভাপতি জগন্নাথ দলে , ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভাপতি তথা দলৰ নেতা শিৰোমণি দলে , কেন্দ্ৰীয় সমিতিৰ সদস্য নৰ নাথ চণ্ডী আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাতৃ সংগঠন কৃষক শক্তি আৰু শ্ৰমিক শক্তি গঠনৰ পোষকতা কৰে ।

সভাত কেন্দ্ৰীয় নেতা পুৰুষোত্তম দলে আৰু ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে  বক্তব্য আগবঢ়াই সাম্প্ৰতিক প্ৰেক্ষাপটত কৃষক আৰু শ্ৰমিক সকলৰ সুসংগঠিতকৰণৰ  প্ৰাসংগিকতা উল্লেখ কৰি এখন সংস্কাৰী, কৰ্মসংস্কৃতিবান আৰু প্ৰগতিশীল সমাজ গঠনত  এই কৃষক আৰু শ্ৰমিক সকলৰ বৰেণ্য ভূমিকাৰ দিশ অনুকীয়াই বক্তব্য আগবঢ়াই । ৰাজহুৱা সভাতেই সুভাষ পেগুক সভাপতি আৰু প্ৰভাত বৰুৱাক সম্পাদক হিচাবে লৈ  ৫১ জনীয়া শ্ৰমিক শক্তিৰ ঢকুৱাখনা ব্লক সমিতি আৰু জিতু বৰুৱাক সভাপতি, অমিয় দলক সম্পাদক হিচাবে লৈ ৭১ জনীয়া কৃষক শক্তিৰ ঢকুৱাখনা ব্লক সমিতিখন সৰ্বসন্মতভাবে গঠন কৰা হয় । 

নৱ গঠিত ব্লক সমিতি দুখনৰ নেতৃবৰ্গক গনশক্তি দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই অভিনন্দন আৰু শুভেচ্ছা জনাই  অনাগত সময়ত জনদায়বদ্ধতাৰে ন্যস্ত সেৱা আগবঢ়াই যোৱাৰ আহ্বান জনায় ।

সন্মিলিত কৃষক শক্তি অসম আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতি গঠন
দেশ বিৰোধী চক্ৰৰ বিৰুদ্ধে সদায় কঠোৰ ৰাজ্য চৰকাৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in